অসম

assam

ETV Bharat / bharat

আহমেদাবাদ, চুৰাট, থানে, হাইদৰাবাদ, চেন্নাইৰ 'পৰিস্থিতি গুৰুতৰ' : MHA - কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই ঘোষণা

আহমেদাবাদ,চুৰাট, থানে, হাইদৰাবাদ, চেন্নাইৰ 'পৰিস্থিতি গুৰুতৰ' বুলি মন্তব্য কৰিছে গৃহ মন্ত্ৰণালয়ে ৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই ঘোষণা ৷

আহমেদাবাদ, চুৰাট, থানে, হাইদৰাবাদ, চেন্নাইৰ 'পৰিস্থিতি গুৰুতৰ'
গৃহ মন্ত্ৰণালয়

By

Published : Apr 25, 2020, 12:28 AM IST

নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ বৰ্তমানৰ পৰিস্থিতি আহমেদাবাদ, চুৰাট, থানে, হাইদৰাবাদ আৰু চেন্নাইত গুৰুতৰ বুলি মন্তব্৷ কৰিছে গৃহ মন্ত্ৰণালয়ে ৷ দেশৰ হটস্পট জিলাসমূহৰ ওপৰত দৃষ্টি ৰাখি এই অঞ্চলকেইটাৰ পৰিস্থিতি গুৰুতৰ বুলি মন্তব্য কৰা হৈছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই ঘোষণা কৰা বুলি জনায় মন্ত্ৰণালয়ে ৷

সেই অনুসৰি, গুজৰাটৰ আহমেদাবাদ আৰু চুৰাট, মহাৰাষ্ট্ৰৰ থানে, তেলেংগানাৰ হাইদৰাবাদ আৰু তামিলনাডুৰ চেন্নাইৰ পৰিস্থিতি সংকটজনক ৷

উল্লেখ্য যে, লকডাউনৰ কাৰ্যকৰীকৰণ, অত্যাৱশ্যকীয়া সামগ্ৰীৰ যোগান আৰু এই চহৰ কেইখনৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে কেন্দ্ৰীয় চৰকাৰে পাঁচটাকৈ inter-ministerial central teams (IMCTs) গঠন কৰিছে ৷ Disaster Management Act 2005 ৰ অধীনত এই গোটসমূহ গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

20 এপ্ৰিলত গৃহ মন্ত্ৰণালয়ে মহাৰাষ্ট্ৰ, ৰাজস্থান, পশ্চিম বংগ আৰু মধ্য প্ৰদেশৰ 11 খন চহৰৰ পৰিস্থিতি গুৰুতৰ বুলি ঘোষণা কৰিছিল আৰু এই ৰাজ্যকেইখনৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যালোচনা কৰিবৰ বাবে ছয়টাকৈ IMCTs গঠন কৰি দিছিল ৷ এই চহৰকেইখন হৈছে - মধ্য প্ৰদেশৰ ইন্দোৰ, মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পুনে, ৰাজস্থানৰ জয়পুৰ আৰু পশ্চিমবংগৰ কলিকতা, হাওৰা, মেদিনীপুৰ, 24 পাৰাগনাছ, দাৰ্জিলিং, কালিমপোং আৰু জলপাইগুৰি ৷

উল্লেখ্য় যে, বৰ্তমানলৈকে দেশত 17,500 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 718 জনৰ ৷

ABOUT THE AUTHOR

...view details