অসম

assam

By

Published : Jun 29, 2020, 5:30 PM IST

ETV Bharat / bharat

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব শিৱৰাজ সিং চৌহানে

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোডী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মিলিত হৈ দুটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে । সম্প্ৰতি মধ্যপ্ৰদেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্যিক কেবিনেটৰ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব পাৰে।

Shivraj Singh Chouhan
Shivraj Singh Chouhan to meet PM Narendra Modi today

নিউজ ডেস্ক, ২৯ জুনঃ সোমবাৰে সন্ধিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত্ কৰিব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ তিনি মাহ পাছত প্ৰথমবাৰৰ বাবে শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব ।

২৩ মাৰ্চত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই কোভিড-১৯ মহামাৰীৰ বাবে দেশত লকডাউন ঘোষণা কৰা হৈছিল । যাৰ ফলত আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে মিলিত হ'ব পৰা নাছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

সোমবাৰে সন্ধিয়া দুয়োগৰাকী নেতাই মিলিত হৈ দুটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে । সম্প্ৰতি মধ্যপ্ৰদেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্যিক কেবিনেটৰ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি, ৰাজ্যখনৰ কৃষকৰ আয়, উৎপাদন আদি সন্দৰ্ভত শেহতীয়া স্থিতি, কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি আদি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে পৰ্যালোচনা কৰিব পাৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

ABOUT THE AUTHOR

...view details