অসম

assam

By

Published : Jan 29, 2020, 12:42 PM IST

ETV Bharat / bharat

আৰক্ষীৰ হতাহতিত আহত চাৰি সংবাদকৰ্মী

শ্বাৰ্জিল ইমামক পাটনাৰ পৰা বিমানেৰে ট্ৰেনজিত ৰিমাণ্ডত দিল্লীলৈ নিয়াৰ সময়ত আৰক্ষীৰে হতাহতিত আহত হয় সংবাদকৰ্মীকেইজন ৷

Sharjeel Imam to be brought back to Delhi today
আৰক্ষীৰ হতাহতিত আহত চাৰি সংবাদকৰ্মী

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী : দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ হোৱা জে এন ইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমামক বুধবাৰে পুৱা বিহাৰৰ পাটনাৰ পৰা বিমানেৰে ট্ৰেনজিত ৰিমাণ্ডত দিল্লীলৈ অনা হয় ৷ শ্বাৰ্জিলক দিল্লীলৈ অনাৰ সময়তে পাটনা বিমান বন্দৰত আৰক্ষীয়ে সংবাদ কৰ্মীক বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে খেদি পঠোৱাত আৰক্ষীৰ লগত সংবাদ কৰ্মীৰ হতাহতিৰ সৃষ্টি হয় ৷ এই ঘটনাত চাৰিজন সংবাদকৰ্মীৰ লগতে এজন কেমেৰামেন আহত হয় ৷

আৰক্ষীৰ হতাহতিত আহত চাৰি সংবাদকৰ্মী

উল্লেখ্য যে, আলিগড় মুছলিম বিশ্ববিদ্যালয়ত 16 জানুৱাৰীত শ্বাৰ্জিল ইমামে অসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ পৰা পৃথক কৰি দিব লাগে বুলি প্ৰদান কৰা ভাষণে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ ঘটনা সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দিল্লী আৰক্ষীয়ে শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ৷ গোচৰ ৰুজু হোৱাৰ পিচৰে পৰাই পলাতক অৱস্থাত আছিল অভিযুক্ত শ্বাৰ্জিল ইমাম ৷ অৱশেষত মঙলবাৰে বিহাৰৰ জাহানাবাদ জিলাৰ কাকো আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলৰ পৰা দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ সহযোগত বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্বাৰ্জিল ইমামক ৷

ABOUT THE AUTHOR

...view details