অসম

assam

ETV Bharat / bharat

কৰ'ণা ৰোগী সকলৰ মানসিক অৱসাদ দূৰ কৰাৰ বাবে অমিত শ্বাহৰ পৰামৰ্শ - গৃহমন্ত্ৰী

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কৰ'ণা ভাইৰাছৰ সৈতে চলা এই যুঁজৰ পৰিস্থিতিৰ বুজ লবলৈ সকলো ৰাজনৈতিক দলৰ সৈতে সৰ্বদলীয় বৈঠকত মিলিত হোৱাৰ পাছত দিল্লীৰ লোক নায়ক জয় প্ৰকাশ হাস্পতালত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

shah-emphasised-on-psycho-social-counselling-of-covid-19-patients
shah-emphasised-on-psycho-social-counselling-of-covid-19-patients

By

Published : Jun 16, 2020, 1:08 AM IST

নিউজ ডেস্ক, ১৫ জুন : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে দিল্লীৰ মুখ্য সচিব অংশু প্ৰকাশক কোভিড-১৯ ত আক্ৰান্ত ৰোগী, চিকিৎসাত নিয়োজিত চিকিৎসক আৰু নাৰ্চ সকলৰ সামাজিক পৰামৰ্শ সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ মানসিক চিন্তাক দূৰ কৰাৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কৰ'ণা ভাইৰাছৰ সৈতে চলা এই যুঁজৰ পৰিস্থিতিৰ বুজ লবলৈ সকলো ৰাজনৈতিক দলৰ সৈতে সৰ্বদলীয় বৈঠকত মিলিত হোৱাৰ পাছত দিল্লীৰ লোক নায়ক জয় প্ৰকাশ হাস্পতাল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

অমিত শ্বাহে দিল্লীৰ সকলো চৰকাৰী চিকিৎসালয়ত থকা কোভিড-১৯ ৱাৰ্ড সমূহত চিচিটিভি কেমেৰা সংস্থাপন আৰু ৰোগী সকলৰ সন্মুখত অহা সমস্যা সমূ্হক সমাধানৰ চেষ্টা কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ABOUT THE AUTHOR

...view details