নিউজ ডেস্ক, 14 আগষ্টঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ এজেঞ্চি প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক তথা ৰাঁচীৰ ব্যুৰো হিচাপে কৰ্মৰত পি ভি ৰামানুজমৰ মৃত্যু ৷ বৃহস্পতিবাৰে ৰাঁচীৰ কাৰ্যালয় তথা বাসভৱনত চীপ লোৱা অৱস্থাত উদ্ধাৰ সাংবাদিকগৰাকীৰ মৃতদেহ ৷ 55 বছৰীয়া ৰামানুজাম কট্যাক, দিল্লী আৰু ৰাঁচীৰ হৈ পিটিআই বাবে 35 বছৰ ধৰি সংবাদ সেৱা আগবঢ়াই আহিছিল ৷ আনহাতে, সাংবাদিকগৰাকীৰ এনে সন্দেহজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ সাংবাদিকগৰাকীৰ অন্তিম সৎকাৰ শুকুৰবাৰে অনু্ষ্ঠিত হ'ব বুলি সদৰি কৰে পৰিয়ালৰ লোকে ৷
ৰাঁচীত চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ
ৰাঁচীৰ কাৰ্যালয় তথা বাসভৱনত বৃহস্পতিবাৰে চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ সংবাদিক পি ভি ৰামানুজমৰ মতদেহ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাকে ধৰি বিভিন্ন সংবাদ মাধ্যমৰ ৷
ৰাঁচীত চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ
আনহাতে, সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই শোকপ্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷
আৰু পঢ়কঃ বাংলাদেশৰ পৰৱৰ্তী ভাৰতীয় দূত হিচাপে নিযুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামী