শ্ৰীনগৰ, 9 জুলাই :কাশ্মীৰৰ বন্দিপুৰাৰ বিজেপিৰ প্ৰাক্তন সভাপতি ৱাছিম বাৰীৰ বুধবাৰে বিয়লি সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হয় ৷ ৱাছিম বাৰীৰ লগতে পিতৃ শ্বেখ ৱাছিম আহমেদ আৰু পুত্ৰৰো একেটা আক্ৰমণৰ ঘটনাত মৃত্যু হয় ৷
বান্দিপুৰ আৰক্ষী চকীৰ সন্মুখৰ বাৰীৰ পাৰিবাৰিক ব্যৱসায়িক প্ৰতিষ্ঠান তথা বাসগৃহৰ সন্মুখত এই সংঘটিত হয় ঘটনা ৷ সন্ত্ৰাসবাদীৰ এটা দলে নিশা প্ৰায় 8.45 বজাত বাৰীৰ পৰিয়াললৈ লক্ষ্য কৰি ধাৰাষাৰ গুলি বৰ্ষণ কৰে ৷ গুলিচালনাত বাৰীৰ লগতে পিতৃ শ্বেখ ৱাছিম আহমেদ আৰু পুত্ৰ আহত হয় ৷ তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত আটাইকেইজনৰ মৃত্যু হয় ৷