নিউজ ডেস্ক, 14 অক্টোবৰঃ অযোধ্যাৰ ভূমি বিবাদক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ উচ্চতম ন্যায়ালয়ত চলি থকা গুৰুত্বপূৰ্ণ বিচাৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত প্ৰৱেশৰ পূৰ্বেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ সেই অনুসৰি, অহা 10 ডিচেম্বৰলৈ আগন্তুক উৎসৱ পাৰ্বনৰ লগতে অন্যান্য আইন-শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি যোগী চৰকাৰে জাৰি কৰিছে ধাৰা 144 ৷ ৰাম জন্মভূমি অযোধ্যাৰ জিলা প্ৰশাসনে বিগত শনিবাৰে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে সান্ধ্য আইন ৷ অহা 10 ডিচেম্বৰলৈ অযোধ্যাত বলৱৎ হৈ থাকিব সান্ধ্য আইন ৷
লগতে পঢ়কঃ CAB বাতিলৰ দাবীত কৃষক মুক্তিয়ে কঁপালে বটদ্ৰৱা
অযোধ্যাৰ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ বিশ্ব হিন্দু পৰিষদে পোহৰৰ উৎসৱ দিপাৱলীৰ সময়ত বিতৰ্কিত স্থানত মাটিৰ চাকি জ্বলাবলৈ অনুমতি বিচাৰি জিলা প্ৰশাসনক আবেদন জনাইছিল ৷ "দিপাৱলীৰ সময়ত সমগ্ৰ অযোধ্যাতে চাকি জ্বলিব কিন্তু ৰাম লাল্লা কিদৰে আন্ধাৰত থাকিব? ইয়াৰ বাবে আমি উপায়ুক্তৰ ওচৰত আবেদন জনাম আৰু তেওঁৰ পৰা অনুমতি গ্ৰহণ কৰিম ৷" ঘটনা সন্দৰ্ভত এইদৰে মন্তব্য কৰে বিশ্ব হিন্দু পৰিষদৰ নেতা মহন্ত নয়ন দাসে ৷ "যদিহে বিশ্ব হিন্দু পৰিষদক বিতৰ্কিত স্থানত চাকি জ্বলাবলৈ অনুমতি প্ৰদান কৰে তেতিয়াহ'লে মুছলমানকো উক্ত স্থানত নামাজ পঢ়িবলৈ অনুমতি দিব লাগিব ৷" ঘটনা সন্দৰ্ভত এনেদৰে মন্তব্য কৰে হাজি মেহবুব নামৰ এগৰাকী মুছলমান আবেদনকাৰীয়ে ৷ যদিও অযোধ্যাত সান্ধ্য আইন জাৰি কৰা হৈছে কিন্তু আগন্তুক 26 অক্টোবৰত পোহৰৰ উৎসৱ দিপাৱলীৰ সময়ত সহস্ৰাধিক পৰ্যটকক আকৰ্ষণ কৰা বিষয়ত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰ ৷
লগতে পঢ়কঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত চাৰিটা পদক অৰ্জন ভাৰতৰ