অসম

assam

ETV Bharat / bharat

আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত জে এন ইউৰ শিক্ষাৰ্থী - jnu protest

দিল্লীস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ ৷ আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় জে এন ইউৰ ছাত্ৰ-ছাত্ৰী ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃদ্ধি কৰা মাচুলকৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় জে এন ইউৰ ছাত্ৰ-ছাত্ৰী

By

Published : Nov 11, 2019, 5:11 PM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ:বিশ্ববিদ্যালয়ৰ আৱাসৰ মাচুল বৃদ্ধি কৰাক লৈ সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰা জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাক সপূৰ্ণৰূপে সহযোগ আগবঢ়াইছে বিশ্ববিদ্যালয়খনৰ অন্যান্য শিক্ষাৰ্থীসকলে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃদ্ধি কৰা মাচুলকৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় জে এন ইউৰ ছাত্ৰ-ছাত্ৰী

প্ৰতিবাদী শিক্ষাৰ্থীৰ মন্তব্য- "বিগত চল্লিশ দিন ধৰি আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো, কিন্তু আমাৰ প্ৰতিবাদক কোনোধৰণৰ কেৰেপ কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই" ৷

বিশ্ববিদ্যালয়খনৰ প্ৰায় 40 শতাংশ শিক্ষাৰ্থীয়ে দুখীয়া পৰিয়ালৰ পৰা অহা বুলিও সদৰি কৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৷

উল্লেখ্য যে, সোমবাৰে জে এন ইউত অনুষ্ঠিত হৈছে 3 সংখ্যক সমাৱৰ্তন অনুষ্ঠান ৷ দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাঙক সমাৱৰ্তন অনুষ্ঠানটোৰ মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷ ভেংকাইয়া নাইডু সমাৱৰ্তন অনুষ্ঠানত উপস্থিত হোৱাৰ পাচতেই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অৱৰোধ কৰে নেলছন মেণ্ডেলা ৰোড ৷

ABOUT THE AUTHOR

...view details