অসম

assam

ETV Bharat / bharat

জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপৰ বিদ্যালয়ত স্তব্ধ পাঠদান

সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ প্ৰশিক্ষণ শিবিৰত বায়ু সেনাৰ আক্ৰমণৰ পাচতে দেশৰ বিভিন্ন স্থানত জাৰী কৰা হৈছে হাই-এলাৰ্ট

জম্মু কাশ্মীৰত হাই-এলাৰ্ট

By

Published : Feb 27, 2019, 2:08 PM IST


নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ প্ৰশিক্ষণ শিবিৰত বায়ু সেনাৰ আক্ৰমণৰ পাচতে দেশৰ বিভিন্ন স্থানত জাৰী কৰা হৈছে হাই-এলাৰ্ট । প্ৰতিপল সষ্টম কৰি ৰখা হৈছে ৰাডাৰ তথা এয়াৰ ডিফেন্স প্ৰণালী । ইয়াৰ লগতে সাজু হৈ আছে সেনাৰ তিনিওটা অংগ । পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত ভাৰতীয় বায়ু সেনাই কৰা আক্ৰমণৰ পাচতে এতিয়া নিয়ন্ত্ৰণ ৰেখাৰ সমীপটো দেখা গৈছে উদ্বেগজনক পৰিস্থিতি ।

নিয়ন্ত্ৰণৰেখাৰ সমীপৰ ০-৫ কিলোমিটাৰ ব্যাসাৰ্ধত থকা পাকিস্তান সীমান্তৱৰ্তী বিদ্যালয়সমূহত বন্ধ হৈ পৰিছে পাঠদান । সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সীমান্তৱৰ্তী ৰাজৌৰী জিলাৰ জিলা দণ্ডাধীশে জাৰী কৰিছে এই নিৰ্দেশনা । নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো বিদ্যালয়ৰে পাঠদান বুধবাৰে বন্ধ ৰাখিছে জিলা প্ৰশাসনে । ইয়াৰ লগতে পঞ্চম, ষষ্ঠ আৰু সপ্তমমান শ্ৰেণীৰ চলি থকা পৰীক্ষাসমূহো বাতিল কৰাৰ লগতে পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে জিলাখনৰ বিদ্যালয়সমূহত পাঠদান বন্ধ হৈ থাকিব বুলি প্ৰকাশ কৰিছে জিলা দণ্ডাধীশগৰাকীয়ে ।

জইচ-ই-মহম্মদৰ সন্ত্ৰাস ঘাটিত ভাৰতীয় বায়ু সেনাই আক্ৰমণ সংঘটিত কৰাৰ পাচতে ৰাজ্যখনৰ পৰিস্থিতি উদ্বেগজনক হৈ আছে । মঙলবাৰে ৰাজ্যপাল সত্যপাল মালিকে সমগ্ৰ ৰাজ্যখনৰে সুৰক্ষাৰ দিশটোৰ পুনৰীক্ষণ কৰাৰ লগতে জম্মু আৰু কাশ্মীৰ উপত্যকাত পৰিস্থিতি সাধাৰণ হৈ থকা বুলি প্ৰকাশ কৰিছে । সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ৰাজ্যখন মোতায়েন হৈ থকা নিৰাপত্তা বাহিনীসমূহক প্ৰতিপল সষ্টম হৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।

আনহাতে ৰাজ্যখনৰ চোপিয়ান জিলাৰ মেমানদাৰত সেনা, চি আৰ পি এফ, জম্মু কাশ্মীৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ এটা দল । সংঘৰ্ষৰ ফলত জইচ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদী নিহত হৈছে বুলি প্ৰকাশ কৰিছে জিলা আৰক্ষী অধীক্ষকে ।

ইফালে বুধবাৰে নিয়ন্ত্ৰণৰেখাৰ কেইবাঠাইটো যুদ্ধবিৰতি চুক্তি উলংঘন কৰে পাকিস্তান সেনাই । মানৱ ঢাল ব্যৱহাৰ কৰি পাক সেনাই ভাৰতীয় নিৰীক্ষণ চকীসমূহলৈ লক্ষ্য কৰি গুলীচালনা কৰে । ইতিমধ্যে ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰাৰ ফলত পিচহুহুকিবলৈ বাধ্য হয় পাকিস্তান সেনা । আনহাতে গুলীচালনাৰ ফলত পাঁচগৰাকী ভাৰতীয় জোৱান গুৰুতৰভাৱে আহত হয় । আহত জোৱানকেইগৰাকীক উন্নত চিকিৎসাৰ বাবে সেনাৰ ৯২ বেচ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

জম্মু কাশ্মীৰত হাই-এলাৰ্ট

ইয়াৰ উপৰিও ৰাজ্যখনৰ ৭টা স্থানত আজি অভিযান চলায় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই । যাচিন মালিক, চব্বিৰ শ্বাহ, মিজৱাইজ ওমৰ ফাৰুক,মহম্মদ আছৰফ খান, নচিম গিলানীকে ধৰি বহুকেইগৰাকী বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত চলে এই অভিযান । অভিযানৰ সময়ত দলটোৱে নেতাকেইগৰাকীৰ পৰা সন্ত্ৰাসবাদ সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ নথিৰ লগতে ইলেক্ট্ৰনিক ডিভাইচ জব্দ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details