নিউজ ডেস্ক, ২১ এপ্ৰিলঃদেশৰ উচ্চতম ন্যায়ালয়ে তিনিখনকৈ ৰাজ্যৰ উচ্চ ন্যায়ালয়ত নিযুক্তিৰ বাবে ন্যায়াধীশসকলৰ নাম সমূহ নিৰ্বাচন কৰিছে । সৰ্বোচ্চ ন্যায়ালয়ে ইতিমধ্যে নামসমূহ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে ।
দেশৰ মুখ্য ন্যায়াধীশ শৰত অৰবিন্দ ববডেৰ দ্বাৰা গঠিত উচ্চতম ন্য়ায়ালয়ৰ কলেজিয়ামে,কৰ্ণাটক,অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ বাবে ন্যায়াধীশসকলৰ নামসমূহ কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰে ।
কৰ্নাটক উচ্চ ন্যায়ালয়ৰ বাবে পাঁচগৰাকী ন্যায়াধীশৰ নাম প্ৰদান কৰা হয়। এই পাঁচগৰাকী ন্যায়াধীশ হৈছে ক্ৰমে,শিৱশংকৰ অনাৰান্নাভৰ,এম গনেশায়াহ উমা, ভি শ্ৰীশানন্দা,জে সঞ্জীৱ কুমাৰ আৰু পি নিমাচন্দ্ৰা দেশাই ।
অন্ধ্ৰ প্ৰদেশ উচ্চ ন্য়ায়ালয়ৰ বাবে ন্যায়াধীশ বি কৃষ্ণা মোহন,কে সুৰেশ ৰেড্ডী আৰু জে ললিথা কুমাৰীৰ নাম প্ৰদান কৰা হয় । একেদৰেই তেলেংগানা উচ্চ ন্য়ায়ালয়ৰ বাবে ন্যায়াধীশ বি বিজয়সেন ৰেড্ডীৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে উচ্চতম ন্যায়ালয়ে ।
লগতে পঢ়কঃকৰ'ণা মুক্ত হ'ল মণিপুৰঃ বীৰেন সিং