অসম

assam

ETV Bharat / bharat

প্ৰবাসী ভাৰতীয়ৰ ভোটদানৰ অধিকাৰঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় - External Voting

প্ৰবাসী ভাৰতীয়ক ভোটদানৰ অধিকাৰ প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি স্থগিত ৰাখিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷ চৰকাৰী যন্ত্ৰৰ ভোটবেংকৰ ৰাজনীতিক নসাৎ কৰি উচ্চতম ন্য়ায়ালয়ে দাখিল কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান ৷

উচ্চতম ন্য়ায়ালয়

By

Published : Jul 27, 2019, 9:05 AM IST

নিউজ ডেস্ক, 27 জুলাইঃ প্ৰবাসী ভাৰতীয়ৰ ভোটদানৰ অধিকাৰক লৈ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ ৷ লণ্ডনস্থিত প্ৰবাসী ভাৰতীয় সংগঠনৰ নেতা নাগেন্দৰ চিন্দাম আৰু চমশ্বেৰ ভিপিৰ দ্বাৰা দেশৰ উচ্চতম ন্য়ায়ালয়ত দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ৷ আবেদনখনৰ জৰিয়তে প্ৰৱাসী ভাৰতীয়সকলক ভাৰতবৰ্ষত অনুষ্ঠিত নিৰ্বাচনত ভোটদানৰ অধিকাৰ প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ত অনুৰোধ জনোৱা হৈছিল ৷ আবেদনখনত এছিয়াৰ 20খন দেশকে ধৰি সৰ্বমুঠ 114খন দেশৰ কথা উল্লেখ কৰি এক্সটাৰ্নেল ভোটিঙৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছিল ৷

অৱশেষত দেশৰ উচ্চতম ন্যায়ালয়ে উক্ত আবেদনৰ শুনানি স্থগিত ৰাখে ৷ সংসদৰ অধিৱেশন চলি থকাৰ বাবেই তিনিমাহৰ বাবে উক্ত আবেদনৰ শুনানি স্থগিত ৰাখিবলৈ আবেদনকাৰী পক্ষৰ অধিবক্তাই প্ৰদৰ্শন কৰা যুক্তি গ্ৰাহ্য কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷

ABOUT THE AUTHOR

...view details