অসম

assam

ETV Bharat / bharat

কিয় এয়াৰ ষ্ট্ৰাইককলৈ সন্দেহ কংগ্ৰেছ নেতাৰ?

পাকিস্তানৰ ভূমিত ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকক সন্দেহৰ দৃষ্টিৰে চাইছে কংগ্ৰেছী নেতা চেম পিটৰোডাই ৷ প্ৰমাণ অবিহনে এয়াৰ ষ্ট্ৰাইক সম্পূৰ্ণ ভিত্তিহীন বুলি আখ্যা জ্যেষ্ঠ কংগ্ৰেছী নেতা চেম পিটৰোডাৰ ৷

etv bharat

By

Published : Mar 22, 2019, 3:59 PM IST

নিউজ ডেস্ক, 22 মাৰ্চ : ভাৰতীয় বায়ু সেনাৰ বীৰত্বকলৈ প্ৰশ্ন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ৷পাকিস্তানৰ ভূমিত ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকক সন্দেহৰ দৃষ্টিৰে চাইছে কংগ্ৰেছী নেতা চেম পিটৰোডাই ৷

sam pitroda

ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাই বুলি শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কটাক্ষ কৰে পিটৰোডাই ৷ পুলৱামা আক্ৰণৰ পাচতে প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বালাকোটত 300 জন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী হত্যা কৰা কথা মানি ল'বলৈ বিচৰা নাই জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷ তেওঁৰ মতেবালাকোট আক্ৰমণ সন্দৰ্ভত ভাৰতে যিহতু কোনোধৰণৰ প্ৰমাণ দাঙি ধৰিব পৰা নাই গতিকে এই আক্ৰমণ সম্পূৰ্ণ ভিত্তিহীন ৷

ABOUT THE AUTHOR

...view details