অসম

assam

ETV Bharat / bharat

পাকিস্তানত ৰে’ল দুৰ্ঘটনা : ১০ নিহত, ৩৫ আহত

কুৱেটা অভিমুখী অক্বৰ এক্সপ্ৰেছখনে মালবাহী ৰে’ল এখনক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।

By

Published : Jul 11, 2019, 10:15 AM IST

পাকিস্তানত ৰেল দুৰ্ঘটনা, ১০ নিহত , ৩৫ আহত

নিউজ ডেস্ক , ১১ জুলাই:বৃহস্পতিবাৰে পুৱা পাকিস্তানৰ চাডিকাবাদৰ সমীপৰ ওৱালহাৰত দুখন ৰে’লৰ মুখামুখি সংঘৰ্ষত ১০ জন লোক নিহত হোৱাৰ লগতে ৩৫ জন লোক আহত হয় । কুৱেটা অভিমুখী অক্বৰ এক্সপ্ৰেছ খনে মালবাহী ৰে’ল এখনক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।

সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে আহত লোক সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰে । ইপিনে পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে ঘটনাটোত দুখ প্ৰকাশ কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে নিৰ্দেশ দিয়ে ।

ABOUT THE AUTHOR

...view details