নেশ্যনেল ডেস্ক,৮ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত শিৱসেনা । মাৰাঠী ভাষাত প্ৰকাশিত বাতৰি কাকত 'ছামনা'ৰ সম্পাদকীয়ত প্ৰকাশ পালে এটা বিশেষ লেখা । অভিনেত্ৰী কংগনা ৰাণাৱট আৰু একাংশ সাংবাদিকৰ কাৰ্যক ৰাষ্ট্ৰদ্ৰোহ আখ্যা দি ইয়াক বি জে পিয়ে প্ৰশ্ৰয় দিয়া বুলি অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে শিৱসেনাই । লেখাটোত প্ৰশ্ন কৰা হৈছে যে, 'মুম্বাই কাৰ ? এই প্ৰশ্নটো নকৰাটোৱে উচিত । মুম্বাই মহাৰাষ্ট্ৰৰ ৰাজধানী ; কিন্তু দেশৰ ভিতৰতে আটাইতকৈ বেছি আৰ্থিক লেন-দেনৰ কেন্দ্ৰ হৈছে মুম্বাই । এই মুম্বাইৰ ৰক্ষাৰ স্বাৰ্থতে ১০৬ জন মাৰাঠী সম্প্ৰদায়ৰ লোকে প্ৰাণ আহুতি দিছিল । সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰা সকলো লোকৰ মুম্বাইত থকাৰ অধিকাৰ আছে । কিয়নো মুম্বাই হিন্দুস্তানৰ এটা অংশ । কিন্তু সৰ্বপ্ৰথমে মুম্বাই ছত্ৰপতি শিৱাজীৰ মহাৰাষ্ট্ৰৰ এক অংশ । মুম্বাইক 'পাক অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰা আৰু মুম্বাই আৰক্ষীৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাতো এক প্ৰকাৰ বিকৃত মানসিকতাৰ লক্ষণ ।'
লগতে উল্লেখ কৰা হৈছে যে, 'মহাৰাষ্ট্ৰৰ ১১কোটি মাৰাঠী জনতা আৰু মুম্বাইক অপমান কৰাৰ অৰ্থ হৈছে দেশদ্ৰোহৰ সম পৰ্যায়ৰ অপৰাধ । যেতিয়া এনে দেশদ্ৰোহীক মোদী চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সুৰক্ষা প্ৰদান কৰে, তেতিয়া ১০১জন মাৰাঠী শ্বহীদে স্বৰ্গত নিশ্বয় চকুলো টুকিবলগীয়া হয় । মহাৰাষ্ট্ৰবাসী সত্যবাদী হৰিচন্দ্ৰৰ অনুগামী ।' উল্লেখ্য যে, অভিনেত্ৰী কংগনা ৰাণাৱটে মুম্বাই আৰক্ষীক লৈ মন্তব্য কৰাৰ পিছতে শিৱসেনা সাংসদ সঞ্জয় ৰাৱটৰ সৈতে বাকযুদ্ধ আৰম্ভ হৈছিল । কংগনাক মুম্বাইলৈ উভতি নাহিবলৈ ৰাৱটে ধমক দিয়াৰো অভিযোগ তুলিছিল কংগনাই ।