নিউজ ডেস্ক, ২০ জুনঃ ৰাজস্থানত পিপিই কীট পৰিধান কৰি ভোট দান কৰিলে প্ৰাক্তন বিধায়কে । ৰাজস্থানত শুকুৰবাৰে অনুস্থিত ৰাজ্যসভা নিৰ্বাচনত প্ৰত্যক্ষ কৰিবলৈ পোৱা গ'ল এই দৃশ্য । প্ৰাক্তন বিএছপি বিধায়ক ৱাজিব আলীয়ে ১৮ জুনত অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিয়েই শুকুৰবাৰে ভোটদান সাব্যস্ত কৰিবলৈ যোৱা সময়ত পিপিই কীট পৰিধান কৰি বিধানসভাত প্ৰৱেশ কৰে ।
ৰাজস্থানৰ ৰাজ্যসভা নিৰ্বাচনত পিপিই কীট পৰিধান কৰি ভোটদান প্ৰাক্তন বিধায়কৰ - ৰাজস্থান
শুকুৰবাৰে ৰাজস্থান ৰাজ্যসভা নিৰ্বাচনত পিপিই কীট পৰিধান কৰি ভোটদান সাব্যস্ত কৰিলে প্ৰাক্তন বিএছপি বিধায়ক ৱাজিব আলীয়ে । ১৮ জুনত অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ অহা প্ৰাক্তন বিধায়ক গৰাকীয়ে মহামাৰী আইন উংলঘা কৰি ভোটদান সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৱাজিব আলীৰ বিৰুদ্ধে । এই অভিযোগৰ ভিত্তিতে কেইবাগৰাকীও বিজেপি বিধায়কে ইতিমধ্যে ৱাজিব আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি সদৰি কৰে ।
আনহাতে, ঘটনা সন্দৰ্ভত প্ৰাক্তন বিধায়ক গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিজেপিৰ কেইবাগৰাকীও বিধায়কে । গৃহ মন্ত্ৰণালয় আৰু স্বাস্থ্য তথা পৰিয়াল কল্য়াণ মন্ত্ৰণালয়ৰ দ্বাৰা সংজ্ঞা দিয়া মহামাৰী আইন অনুসৰি বহিঃৰাষ্ট্ৰৰ পৰা অহাৰ পাচত প্ৰাক্তন বিধায়ক গৰাকীয়ে ১৪ দিনৰ বাবে কোৱোৰেণ্টাইত থাকিব লাগিছিল । কিন্তু ৱাজিব আলীয়ে মহামাৰী আইন উলংঘা কৰি ভোট দান কৰিবলৈ বিধানসভাত প্ৰৱেশ কৰে । বিজেপিৰ কেইবাগৰাকীও বিধায়কে মহামাৰী আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰাক্তন বিধায়ক ৱাজিব আলীৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাই প্ৰশাসনক ।
উল্লেখ্য যে, প্ৰাক্তন বিএছপি বিধায়ক ৱাজিব আলী বিধানসভাত উপস্থিত হোৱা পাচতে এছএমএছ হাস্পতালৰ এটি চিকিৎসকৰ দল উপস্থিত হৈ COVID-19ৰ টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰি টেষ্টৰ বাবে প্ৰেৰণ কৰে । কিন্তু COVID-19ৰ টেষ্টৰ ৰিপৰ্ট নিগেটিভ অহা পাচতে বিধায়ক গৰাকীয়ে পিপিই কীট পৰিধান কৰি ভোটদান সাব্যস্ত কৰে ।