নিউজ ডেস্ক, 13 মে': দিল্লী চৰকাৰে লক ডাউন শিথিল কৰা সন্দৰ্ভত জনতাৰ পৰা পৰামৰ্শ বিচাৰিছিল । পৰামৰ্শ বিছৰাৰ কেইঘণ্টামানৰ পাচতে লক্ষাধিক পৰামৰ্শ আহিছে । প্ৰায় তিনি লাখ মেছেজ, 5000 ই মেইল আৰু 25,000 ফন কল ৰেকেৰ্ড কৰাৰ কথা জনাইছে অৰবিন্দ কেজৰিৱালে ।
অধিকাংশ পৰামৰ্শতে লক ডাউনৰ সময়সীমা 17 মে'ৰ পাচত বৃদ্ধি কৰাৰ কথা উল্লেখ আছে । কিন্তু এই ক্ষেত্ৰত কিছু শিথিলতা দিয়াৰ কথাও উল্লেখ কৰিছে ।