অসম

assam

ETV Bharat / bharat

উৰিষ্যাত ধুমুহা-বৰষুণৰ তাণ্ডৱ

উৰিষ্যাৰ কালাহান্দি জিলাত প্ৰচণ্ড ধুমুহা-বৰষুণত অঞ্চলটোত বিস্তৰ ক্ষতি হয়,উৰিষ্যাৰ ২৬নং ৰাষ্ট্ৰীয় ঘাইপথতো বাগৰি পৰে গছ, বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা

By

Published : Jun 4, 2019, 8:12 AM IST

Updated : Jun 4, 2019, 8:20 AM IST

উৰিষ্যাত ধুমুহা-বৰষুণৰ তাণ্ডৱ

নিউজ ডেস্ক,৪জুনঃ প্ৰচণ্ড ধুমুহা-বৰষুণত বিস্তৰ ক্ষতি হয় উৰিষ্যাত । সোমবাৰে উৰিষ্যাৰ কালাহান্দি জিলাত অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত অঞ্চলটোৰ ঠায়ে-ঠায়ে বাগৰি পৰে প্ৰকাণ্ড গছৰ লগতে বিদ্যুৎ পৰিবাহী খুটা । যাৰ ফলত অঞ্চলটোত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থাৰ লগতে বিদ্যুৎ সংযোগ ।

উৰিষ্যাত ধুমুহা-বৰষুণৰ তাণ্ডৱ

ইফালে, কালাহান্দিৰ ২৬নং ৰাষ্ট্ৰীয় ঘাইপথতো বাগৰি পৰে গছ । যাৰ বাবে সোমবাৰে বহু সময় ধৰি ঘাইপথৰে বন্ধ হৈ পৰে যাতায়ত । অৱশেষত ঘাইপথত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত যাতায়তৰ বাবে ব্যৱস্থা কৰি তোলে ।

Last Updated : Jun 4, 2019, 8:20 AM IST

ABOUT THE AUTHOR

...view details