নেশ্যনেল ডেস্ক, ৩অক্টোবৰ : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জালত বিহাৰৰ পশু খাদ্য কেলেংকাৰীৰে জড়িত প্ৰাক্তন আৰক্ষী অধীক্ষক এন এম পি সিন্হা । তদন্তকাৰী সংস্থাটোৰ বিষয়াই শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিহাৰৰ পশু খাদ্য কেলেংকাৰিৰ তদন্তৰ দায়িত্বত থকা সংস্থাটোৰ বিষয়াৰ দলত এন এম পি সিন্হাও আছিল । সমগ্ৰ ঘটনাক গাপ দিয়াৰ বাবদ ২৫ লাখ টকা উৎকোচ লোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল প্ৰাক্তন আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে । উল্লেখ্য যে, এন এম পি সিন্হাই চলিত বৰ্ষৰ আগষ্ট মাহত অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ আৰ্থিক অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক আছিল ।
২৫লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ CBI ৰ অৱসৰপ্ৰাপ্ত বিষয়া - পশু খাদ্য
পশু খাদ্য কেলংকাৰিৰে জড়িত থকাৰ অপৰাধত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিলে অৱসৰ প্ৰাপ্ত আৰক্ষী অধীক্ষক এন এম পি সিন্হাক। বিহাৰত সংঘটিত পশুখাদ্য কেংলেকাৰিৰ তদন্ত কৰাৰ সময়ত ২৫ লাখ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল সিন্হাৰ বিৰুদ্ধে ।
২৫লাখ টকা উত্কোচ লৈ গ্ৰেপ্তাৰ CBIৰ অৱসৰ প্ৰাপ্ত বিষয়া