অসম

assam

সংবেদনশীলতাৰে প্ৰচাৰ কৰক আত্মহত্যাৰ সংবাদ

By

Published : Jun 16, 2020, 9:05 AM IST

আশা কৰা ধৰণে, ৰাতিপুৱাৰ বাতৰি কাকতবোৰেও অভিনেতাগৰাকীৰ ফটোসহ আত্মহত্যাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ লগতে তেওঁ কেনেদৰে নিজকে হত্যা কৰিলে তাৰ বিশদ বৰ্ণনা দিয়ে ।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা
সংবেদনশীলতাৰে প্ৰচাৰ কৰক আত্মহত্যাৰ সংবাদ

দেওবাৰৰ দুপৰীয়াটোত আহিছিল এটা দুৰ্ভাগ্যজনক খবৰ । অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই । মুম্বাইৰ এক অভিজাত অঞ্চলত থকা অভিনেতাগৰাকীৰ ফ্লেটত তেওঁৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছিল । পাছদিনা মৰণোত্তৰ পৰীক্ষাৰ জৰিয়তে এয়া আত্মহত্যাৰ ঘটনা বুলি নিশ্চিত কৰা হয় ।

এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যত থকা ৩৪ বছৰীয়া অভিনেতাগৰাকীৰ জীৱন আধাতে থমকি ৰ’ল । সেয়া আমি সলনি কৰিব নোৱাৰো, কিন্তু সংবাদ মাধ্যমে যেনেদৰে আত্মহত্যাৰ বাতৰি প্ৰচাৰ-প্ৰকাশ কৰে তাৰ ধৰণহে সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

সংবেদনশীলতাৰে প্ৰচাৰ কৰক আত্মহত্যাৰ সংবাদ

ঘটনাটো সংঘটিত হোৱাৰ কেই মিনিটমান পাছতে টেলিভিশ্বন চেনেলসমূহৰ দিনটোৰ বিগ ব্ৰেকিং নিউজ আৰম্ভ হ’ল । অকালতে এটা জীৱন হেৰাই যোৱা বিষয়টোৰ সলনি সুশান্ত সিং ৰাজপুতে কেনেদৰে আত্মহত্যা কৰিলে সেয়া প্ৰচাৰতহে সকলো ব্যস্ত হৈ পৰিল । বহুসংখ্যক টিভি চেনেলে সুশান্ত সিং ৰাজপুতে কেনেদৰে আত্মহত্যা কৰিলে তাৰ বৰ্ণনা দিয়েই সমগ্ৰ দিনটো পাৰ কৰালে । ইমানেই বিস্তৃত ব্যাখ্যা কৰা হ’ল যে, বেডৰূমৰ দুৱাৰ ভাঙি সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰৰ সময়ত তেওঁ কি ৰঙৰ কাপোৰ পিন্ধি আছিল তাকো দৰ্শকক জনোৱা হ’ল । ঘৰৰ পৰা মৃতদেহটো নিয়াৰ সময়ত বহু চেনেলে পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে পাটনাস্থিত শোকস্তব্ধ পৰিয়ালটোৰ লোকসকলক মন্তব্য প্ৰদান কৰাৰ বাবেও জোৰ প্ৰদান কৰা দেখা গ’ল । আটাইতকৈ ভয়াৱহ দিশটো হ’ল তেওঁৰ আত্মহত্যাৰ কাৰণ ব্যাখ্যা - কৰ্মক্ষেত্ৰত বিফলতাৰ পৰা প্ৰেমিকাৰ সৈতে বিচ্ছেদ আৰু আৰ্থিক অনাটনলৈকে ক'ত যে কি কাহিনী । অৱশেষত যেনিবা সুশান্ত সিং ৰাজপুতে হতাশাত ভুগি চিকিৎসা গ্ৰহণ কৰি থকাৰ তথ্য পোহৰলৈ আহে ।

আশা কৰা ধৰণে, ৰাতিপুৱাৰ বাতৰি কাকতবোৰেও অভিনেতাগৰাকীৰ ফটোসহ আত্মহত্যাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ লগতে তেওঁ কেনেদৰে নিজকে হত্যা কৰিলে তাৰ বিশদ বৰ্ণনা দিয়ে ।

ইলেকট্ৰনিক মিডিয়াই বাতৰিটো ‘ব্ৰেক’ কৰাত জোৰ দিয়াৰ বিপৰীতে বাতৰি কাকতবোৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ বৰ্ণনা, ছবি আদিৰে ইখনে সিখনৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

নিসঃন্দেহে এই বাতৰিটোৱে গুৰুত্ব দাবী কৰে । কিন্তু আত্মহত্যাক ইমান প্ৰচাৰ কৰিব লাগেনে ? প্ৰাথমিক অনুসন্ধানতে এয়া আত্মহত্যা বুলি কোৱা হৈছিল । কিন্তু আত্মহত্যাৰ বিষয়ে বাৰম্বাৰ প্ৰচাৰ কৰি থাকিলে যে বহুতকে তেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰাব সেই বিষয়ে আমি পাহৰি থাকোঁ ।

বিশ্বজুৰি সম্পন্ন কৰা অৰ্ধ শতাধিক গৱেষণা অনুসৰি বাতৰিটোৰ সময়, প্ৰচাৰত দিয়া গুৰুত্ব আদি বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি আত্মহত্যাৰ বাতৰি প্ৰচাৰে বহু লোকক একেই পন্থা গ্ৰহণ কৰিবলৈ অধিক প্ৰলোভিত কৰিব । ইতিমধ্যে আত্মহত্যাৰ কথা চিন্তা কৰা দুৰ্বল লোকসকৰ কথা আমি ক’বলৈ বিচাৰিছোঁ । তেওঁলোকে সংবাদ মাধ্যমত দেখা বা চোৱা বস্তুবোৰ হুবহু নকল কৰিবলৈ চেষ্টা কৰিব পাৰে ।

চেলিব্ৰিটীৰ আত্মহত্যাৰ ঘটনাক লৈ চাঞ্চল্য সৃষ্টি কৰিলে তেনে লোকসকলক একেই পন্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পাৰে । কিয়নো ইয়াৰ ফলত তেওঁলোকো হঠাতে চেলিব্ৰিটী হ’ব বুলি ভাবিব পাৰে । গৱেষণাই ইতিমধ্যে কৈছে যে সংবাদ মাধ্যমত আত্মহত্যাৰ ঘটনা প্ৰচাৰ কৰাৰ বাবে আত্মহত্যাৰ ঘটনা ২.৫ গুণ বৃদ্ধি পাব পাৰে । ‘কপিকেট ছুইচাইড’ বুলি ইয়াক কোৱা হয় । গৱেষণাই প্ৰমাণ কৰিছে যে সংবাদ মাধ্যমত প্ৰকাশিত চেলিব্ৰিটী বা ৰাজনৈতিক নেতাৰ আত্মহত্যাৰ ঘটনাৰ পাছত আত্মহত্যাৰ হাৰ বৃদ্ধি হয় ।

আনহাতে, সংবাদ মাধ্যমে আত্মহত্যা ৰোধত পালন কৰিব পৰা ইতিবাচক ভূমিকাৰো উদাহৰণ আছে । `পাপাগিন’ ষ্টাডীছ’ত সংবাদ মাধ্যমে সংকটৰ উপায় হিচাপে আত্মহত্যাৰ বিকল্প প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে । চাঞ্চল্যকৰ বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকি আৰু কেনেদৰে প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আত্মহত্যাৰ প্ৰৱণতা হ্ৰাস কৰিব পাৰি এই সন্দৰ্ভত সংবাদ মাধ্যমে গুৰুতৰ ভূমিকাত অৱতীৰ্ণ হ’ব পাৰে ।

আত্মহত্যাবোৰৰ কাৰণ হিচাপে এটাই নাথাকে । হতাশা, অত্যধিক চাপ আদি মানসিক অসুস্থতাৰ ফলত হোৱা মানসিক ভাৰসাম্যহীনতাৰ ফলতেই অধিকাংশ আত্মহত্যাৰ ঘটনা সংঘটিত হয় । কিছুমান ক্ষেত্ৰত এয়া বংশগত বা যদি বংশৰ ইতিহাসত আত্মহত্যাৰ উদাহৰণ থাকে তেতিয়া কিছুমানৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হয় । যদি মানসিক অসুস্থতাক সমাজে সহজভাৱে গ্ৰহণ কৰাৰ উদাৰতা প্ৰদৰ্শন কৰে, তেতিয়া আত্মহত্যাৰ ঘটনা বহু পৰিমাণে ৰোধ কৰিব পৰা যাব । আন যিকোনো বেমাৰৰ দৰে মানসিক অসুস্ততাৰ যত্নও সমানে পোৱা হ’লে আত্মহত্যাৰ ঘটনা যথেষ্ট পৰিমাণে ৰোধ কৰিব পৰাৰ সম্ভাৱনা আছে । মানসিক অসুস্থতা থকা লোক মানেই পাগল বুলি ভবাৰ মানসিকতা আমি ত্যাগ কৰিব লাগিব ।

আত্মহত্যাৰ ঘটনা সংবাদ মাধ্যমে কেনেদৰে প্ৰচাৰ কৰিব সেই বিষয়ে ২০০৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দেশালী প্ৰকাশ কৰিছিল । বিভিন্ন কাৰণত এই নিৰ্দেশাৱলী সংবাদ মাধ্যসমূহে আখৰে আখৰে পালন নকৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই সংবাদ মাধ্যমক আত্মহত্যাৰ বাতৰি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এঘাৰটা পইণ্ট মানি চলাৰ নিৰ্দেশ দিছে । ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে—আত্মহত্যাৰ ঘটনাক চাঞ্চল্যৰে পৰিৱেশন নকৰা আৰু ৰাইজক মানসিক স্বাস্থ্য সম্পৰ্কে সজাগ কৰি আত্মহত্যা ৰোধত ভূমিকা পালন কৰা । চাঞ্চল্যৰ সৃষ্টি নকৰা মানে হেডলাইনত আত্মহত্যা বুলি উল্লেখ কৰাৰ সলনি এজন লোকক মৃত পোৱা হৈছে বা মৃতদেহ উদ্ধাৰ কৰা হৈছে এনেধৰণে পৰিৱেশন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

মৃত লোকজনৰ ছবি ব্যৱহাৰ নকৰা, আত্মহত্যাৰ স্থান প্ৰকাশ নকৰা আৰু কেনেদৰে আপোন ঘাতী হ’ল তাৰ সবিশেষ বৰ্ণনা কৰাৰ পৰা বিৰত থকা আদি উল্লেখযোগ্য নীতি-নিৰ্দেশনা সংবাদ মাধ্যমে পালন কৰিব লাগে । দুখৰ সময়ত পৰিয়ালৰ আৱেগ-অনুভূতিক সন্মান জনাই জোৰকৈ তেওঁলোকৰ মন্তব্য আদায় কৰা বা বিনা অনুমতিত ভিডিঅ’ কৰা ফটো তোলা আদি কাৰ্যৰ পৰাও বিৰত থাকিবলৈ কোৱা হৈছে । ইয়াৰ বিপৰতী মানসিক স্বাস্থ্য সেৱা উপলব্ধ থকা হেল্পপাইন নম্বৰ আৰু স্বাস্থ্য কেন্দ্ৰৰ বিষয়ে উল্লেখ কৰিলে আত্মহত্যাৰ প্ৰৱণতা থকা লোকৰ বাবে ডাঙৰ সহায় হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে ।শব্দ ব্যৱহাৰ কৰোঁতে সতৰ্ক হোৱাটোও জৰুৰী । আত্মহত্যাৰ টোকাত থকা লেখাবোৰ ৰাজহুৱা হ’ব নালাগে । এটা আত্মহত্যাৰ টোকা উদ্ধাৰ কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত কৰি আছে বুলি উল্লেখ কৰিলেই যথেষ্ট ।

আত্মহত্যাৰ অতিমাৰী, আত্মহত্যাৰ ব্যৰ্থ চেষ্টা আদি ধৰণৰ শব্দ বা বাক্যাংশ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে । তদুপৰি সমাজক মানসিক স্বাস্থ্য বিষয়ত শিক্ষা প্ৰদান কৰাটোও সমানে গুৰুত্বপূৰ্ণ । বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলীয়ে সতৰ্কতাৰ চিন আৰু হেল্পলাইন নম্বৰ প্ৰকাশ কৰাৰ পোষকতা কৰে । আত্মহত্যাই সমস্যা সমাধান নকৰে বুলি উদ্ধৃতি প্ৰকাশ বা প্ৰচাৰ কৰি বহু লোকক সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সাহস প্ৰদান কৰিব পাৰি ।

২০১৯ চনত প্ৰেছ কাউন্সিল অৱ্ ইণ্ডিয়াইও এই নিৰ্দেশাৱলীক গ্ৰহণ কৰি লৈছে আৰু বিনা অনুমতিত এজন মানসিকভাৱে অসুস্থ লোকক চিনাক্ত কৰা বা তেওঁ ফটো, ভিডিঅ’ ফুটেজ আদি ৰাজহুৱা কৰিবলৈ সংবাদ মাধ্যমক বাৰণ কৰিছে ।

কিন্তু ১৯৮৭ চনত অষ্ট্ৰিয়াই যেতিয়া বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমক আত্মহত্যাৰ বাতৰিৰ ক্ষেত্ৰত নিৰ্দেশাৱলী প্ৰদান কৰিছিল । তেতিয়া সংবাদ মাধ্যমে আত্মহত্যা ৰোধ কৰিব পৰাৰ ক্ষেত্ৰত পালন কৰিব পৰা ভূমিকাৰ বিষয়ে ভাৰতত ধাৰণা একেবাৰে নাছিল । বৰ্তমান বিভিন্ন দেশেও আন দেশসমূহৰ সৈতে সহযোগিতাৰে আত্মহত্যা ৰোধৰ ক্ষেত্ৰত ভূমিকা পালনৰ বাবে আগবাঢ়ি আহিছে ।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনে ২০১৮ চনত এক লাখ জনসংখ্যাৰ ভিতৰত ১০.২ শতাংশ আত্মহত্যাৰ হাৰ আছিল বুলি প্ৰকাশ কৰিছে । প্ৰতি বছৰে প্ৰায় ১.৩৪ লাখ লোকে আত্মহত্যা কৰাৰ লগতে ১.৬০ লাখ আত্মহত্যাৰ ঘটনা পঞ্জীয়ন বা ৰাজহৱা নহয় । অধিকাংশ আত্মহত্যাৰ ঘটনা চৈধ্যৰ পৰা উনত্ৰিশ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা দেখা যায় । এই সময়ছোৱা এজন লোকৰ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বা ফলপ্ৰসূ ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে সংবাদ মাধ্যম আৰু আন সংশ্লিষ্ট পক্ষক বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নিৰ্দেশনা পালন কৰি আত্মহত্যা ৰোধৰ ক্ষেত্ৰত অধিক সবল ভূমিকা পালন কৰাৰ সুযোগ প্ৰদান কৰিছে যাতে বহুতৰে জীৱন ৰক্ষা কৰিব পৰা যায় । হয়তচো এজন সংবাদ কৰ্মীৰো জীৱন ৰক্ষা হ’ব পাৰে । কিয়নো তেওঁলোকো এই সমস্যাৰ পৰা মুক্ত নহয় । বৰ্তমান পৰিস্থিতিত এই বিষয়টো অতিশয় গুৰুত্বপূৰ্ণ । কিয়নো কৰ’নাভাইৰাছে মানুহৰ জীৱনক বিভিন্ন হেঁচা বা সমস্যা দিয়াৰ লগতে চাকৰি হেৰুওৱা, হতাশ আদিত ভাৰতত ইতিমধ্যে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে । ৰোগবিধৰ লগত সামাজিক কলংক জড়িত কৰোৱাৰ বাবে হতাশাত ভুগি কোৱাৰেণ্টীন কেন্দ্ৰত আত্মহত্যা কৰাৰ ঘটনাও সংঘটিত হৈছে ।

-আৰতি ধৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details