অসম

assam

ETV Bharat / bharat

বিশ্বৰ আগশাৰীৰ 100 উদ্যোগত স্থান লাভ ৰিলায়েন্সৰ - তৈলখণ্ডৰ পৰা টেলিকমলৈ ব্যাপী থকা ৰিলায়েন্স উদ্যোগ

তৈলখণ্ডৰ পৰা টেলিকমলৈ ব্যাপী থকা ৰিলায়েন্স উদ্যোগে বিশ্বৰ আগশাৰীৰ 100টা উদ্যোগৰ ভিতৰত 96 স্থান লাভ কৰিছে ৷ মঙলবাৰে প্ৰকাশিত Fortune Global 500 সূচীত উদ্যোগটোক 96সংখ্যক স্থান দিছে Fortune আলোচনীয়ে ৷ এয়া ভাৰতীয় উদ্যোগৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷

Reliance breaks into top 100 global companies
ফৰ্চুন গ্ল'বেল তালিকাত ৰিলায়েন্স উদ্যোগৰ স্থান 96

By

Published : Aug 12, 2020, 12:06 AM IST

নিউজ ডেস্ক, 11 আগষ্ট :বিলিয়নাৰ মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিছে 10টা স্থান আগুৱাই বিশ্বৰ 100টা শীৰ্ষস্থানীয় উদ্যোগৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ মঙলবাৰে প্ৰকাশিত Fortune Global 500 সূচীত উদ্যোগটোক 96সংখ্যক স্থান দিছে Fortune আলোচনীয়ে ৷ তৈলখণ্ডৰ পৰা টেলিকম খণ্ডলৈ ব্যাপী থকা উদ্যোগটোৱে 2020ত আলোচনীখনে প্ৰকাশ কৰা তালিকাত 96সংখ্যক স্থান দখল কৰিছে ৷ ভাৰতীয় উদ্যোগৰ ভিতৰত ৰিলায়েন্সৰ এই ধাৰা হৈছে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ 2012ত আলোচনীখনৰ শীৰ্ষ 100ৰ ভিতৰত প্ৰথমবাৰৰ বাবে 99সংখ্যক স্থানত উপনীত হৈছিল ৰিলায়েন্স ৷ কিন্তু পৰৱৰ্তী 2016ত ৰিলায়েন্সৰ স্থান অৱনমিত হৈ 215ত স্থান লাভ কৰে ৷ 2016ৰ পিচত এয়া ৰিলায়েন্সৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আৰু এইবাৰ একেৰাহে 96সংখ্যক স্থানত উপনীত হয় মুকেশ আম্বানী নেতৃত্বাধীন ভাৰতীয় উদ্যোগটোৱে ৷

এই তালিকাত ভাৰতৰ চৰকাৰী সংস্থা ইণ্ডিয়ান অইল কৰ্পৰেশ্বনে 34টা স্থান নিম্নগামী হৈ 151ত থকাৰ লগতে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্বনে 30টা স্থান নিম্নগামী হৈ 190সংখ্যক স্থানত থাকে ৷ তালিকাত দেশৰ শীৰ্ষ বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়াই 15টা স্থান উৰ্ধগামী গৈ 221সংখ্যক স্থান দখল কৰে ৷ এই তালিকাত থকা অন্যান্য ভাৰতীয় উদ্যোগৰ ভিতৰত অন্যতম হৈছে ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেশ্বন লিমিটেড (309সংখ্যক স্থান), টাটা মটৰছ (337সংখ্যক স্থান), ৰাজেশ এক্সপৰ্টছ (462সংখ্যক স্থান) ৷

আলোচনীখনে উদ্যোগসমূহৰ 2020ৰ 31 মাৰ্চৰ আগত আৰু পিচত অন্ত পৰা বিত্তীয় বৰ্ষৰ সৰ্বমুঠ ৰাজহৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰিছে ৷ ৰিলায়েন্সৰ ৰাজহ 86.2 বিলিয়ন আমেৰিকান ডলাৰ হোৱাৰ লগতে আইঅচিৰ 69.2 বিলিয়ন আমেৰিকান ডলাৰ,ওএনজিচিৰ 57 বিলিয়ন আমেৰিকান ডলাৰ আৰু এছবিআইৰ 51বিলিয়ন আমেৰিকান ডলাৰ বুলি তালিকাখনত দেখুওৱা হৈছে ৷

আলোচনীখনৰ 2020ৰ বৰ্ষৰ তালিকাত শীৰ্ষস্থানত আছে 524 বিলিয়ন আমেৰিকান ডলাৰ ৰাজহৰ সৈতে ৱালমাৰ্ট ৷ ইয়াৰ পিচতেই স্থান লাভ কৰিছে তিনিটাকৈ চীনা উদ্যোগ; চিনোপেক গ্ৰুপ (407 বিলিয়ন আমেৰিকান ডলাৰ),ষ্টেট গ্ৰীড (384 বিলিয়ন আমেৰিকান ডলাৰ) আৰু চাইনা নেশ্বনেল পেট্ৰ'লিয়াম (379 বিলিয়ন আমেৰিকান ডলাৰ) ৷

তালিকাখনৰ পঞ্চম স্থানত আছে ৰয়েল ডাচ্চ ছেল আৰু ষষ্ঠ স্থানত আছে চৌদিৰ তৈল প্ৰতিষ্ঠান আৰামকো ৷ তালিকাখনত বিগত বৰ্ষৰ দৰেই ৱালমাৰ্ট, চিনোপেক আৰু চাইনা নেশ্বনেল পেট্ৰ'লিয়ামৰ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই ৷ ইয়াৰ বিপৰীতে ষ্টেট গ্ৰীডৰ দুটাকৈ স্থান উৰ্ধগামী হোৱাৰ লগতে ৰয়েল ডাচ্চ ছেলে দুটা স্থান অৱনমিত হৈছে ৷

লগতে পঢ়কঃলক্ ডাউনে বিপন্ন কৰিলে কূটীৰ শিল্পীৰ জীৱন

ABOUT THE AUTHOR

...view details