অসম

assam

ETV Bharat / bharat

দেশত ৫৮.১৩ শতাংশ কৰ'ণা ৰোগী আৰোগ্য হৈ উঠিছেঃ স্বাস্থ্য মন্ত্ৰণালয় - কৰ'ণা ভাইৰাছ

দেশজুৰি ৫ লাখতৈ অধিক কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে শনিবাৰে কৰ'ণা আক্ৰান্ত ৰোগীৰ মুঠ ৫৮,১৩ শতাংশ আৰোগ্য হৈ উঠিছে বুলি সদৰি কৰে স্বাস্থ্য মন্ত্ৰণালয়ে ।

স্বাস্থ্য মন্ত্ৰণালয়
দেশত ৫৮,১৩ শতাংশ আৰোগ্য হৈ উঠিছে কৰ'ণা আক্ৰান্ত ৰোগীঃ স্বাস্থ্য মন্ত্ৰণালয়

By

Published : Jun 28, 2020, 3:22 PM IST

নিউজ ডেস্ক, ২৮ জুনঃ দেশত মহামাৰী COVID-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৫ লাখতৈ অধিক বৃদ্ধি পোৱা সময়তে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে কৰ'ণা আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যাৰ ভিতৰত বৃহৎ সংখ্যক ৰোগীয়ে সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে বুলি দাবী জনাই ।

ভাৰতত বৰ্তমান পৰ্যন্ত প্ৰায় ৫,০৮,৯৫৩ গৰাকী ব্যক্তি মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে । তাৰ ভিতৰত ১,৯৭,৩৮৭ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা সক্ৰিয় হৈ থকাৰ বিপৰীতে মুঠ ২,৯৫,৮৮০ গৰাকী ব্যক্তি ইতিমধ্যে কৰ'ণা মুক্ত বুলি ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

দেশত ৫৮,১৩ শতাংশ আৰোগ্য হৈ উঠিছে কৰ'ণা আক্ৰান্ত ৰোগীঃ স্বাস্থ্য মন্ত্ৰণালয়

এক প্ৰেছ বিবৃতিত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে যে, কৰ'ণা আক্ৰান্ত আৰু কৰ'ণা মুক্ত সংখ্যাৰ মাজত প্ৰায় পাৰ্থক্য প্ৰায় ১ লাখ । আৰোগ্য় হোৱা ৰোগীতকৈ সক্ৰিয় হোৱা ৰোগীৰ সংখ্যা ৯৮,৪৯৩ গৰাকীৰো অধিক । যাৰ বাবে আমি ভাৰতত বৰ্তমান কৰ'ণা মুক্ত ব্যক্তিৰ সংখ্যা ৫৮,১৩ শতাংশ বুলি কব পাৰো ।

আনহাতে, COVID-19ত আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত আৰোগ্য হৈ উঠা ৰাজ্যৰ শীৰ্ষস্থানত থকা ১৫ খন ৰাজ্য হ'ল....মহাৰাষ্ট্ৰ,গুজৰাট, দিল্লী,উত্তৰপ্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, মধ্য প্ৰদেশ , হাৰিয়ানা, তামিলনাডু, বিহাৰ , কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, জম্মু-কাশ্মীৰ আৰু পঞ্জাৱ ।

আনহাতে, ভাৰতত COVID-19 ত আক্ৰান্ত ৰোগীৰ পৰীক্ষা বাবে সমৰ্পিত ১০২৬ টা লেব থকা বুলিও সদৰি কৰে । ইয়াৰ ভিতৰত ৭৪১ টা চৰকাৰী পৰীক্ষাগাৰ আৰু ২৮৫ টা ব্যক্তিগত পৰীক্ষাগাৰ অনৰ্ভুক্ত । আনহাতে, বিগত ২৪ ঘণ্টাত ২,২০,৪৭৯ গৰাকী ব্যক্তিৰ কৰ'ণা টেষ্ট কৰা হৈছে বুলি সদৰি কৰে । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পৰ্যন্ত ৭৯,৯৬,৭০৭ গৰাকী ব্যক্তিৰ পৰীক্ষা সম্পন্ন কৰা হয় বুলিও সদৰি কৰে স্বাস্থ্য মন্ত্ৰণালয়ে ।

ABOUT THE AUTHOR

...view details