অসম

assam

ETV Bharat / bharat

ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ - -deputy-chairman

সদনৰ পৰা সাত দিনলৈ নিলম্বন ৰিপুন বৰাকে ধৰি অন্য 7 জন সাংসদ ৷ সদনত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত নিলম্বন 8 সাংসদ ৷ দেওবাৰে কৃষি বিধেয়কক লৈ সদনত সৃষ্টি কৰা উত্তপ্ত পৰিৱেশৰ বাবে নিলম্বন ৷ এই ঘটনাক দুৰ্ভাগ্যজনক আৰু গৰিহনাযোগ্য আখ্যা সংসদৰ অধ্যক্ষ এম ভেঙ্কাইয়া নাইডুৰ ৷

ৰাজ্যসভাৰ পৰা বহিস্কৃত 8 সদস্য়
ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ

By

Published : Sep 21, 2020, 12:11 PM IST

Updated : Sep 21, 2020, 1:22 PM IST

নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰ:সংসদত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগতৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি সংসদৰ পৰা এসপ্তাহৰ বাবে নিলম্বিত হ'ল মুঠ আঠ গৰাকী বিৰোধী সাংসদ ৷ নিলম্বিত সাংসদ সকলৰ ভিতৰত আছে কংগ্ৰেছ সাংসদ ৰিপুন বৰাসহ ডেৰেক অ' ব্ৰায়েন, সঞ্জয় সিং, ৰাজু সাটাভ, কে কে ৰাগেছ, ডোলা সেন, চৈয়দ নাজিৰ হুচেইন আৰু ইলামৰান কৰিম ৷

ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক নিলম্বন এম ভেঙ্কাইয়া নাইডুৰ

উল্লেখ্য যে, সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত দেওবাৰৰ দিনটোত বিৰোধী সাংসদসকলে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ দুখন কৃষি বিধেয়কক লৈ দেওবাৰে বিৰোধী দলৰ সদস্য সকলে প্ৰতিবাদেৰে সদন উত্তাল কৰি তুলিছিল ৷ এই ঘটনাৰ পাছতে সোমবাৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুয়ে এইসকল সাংসদক সংসদৰ পৰা সাত দিনৰ বাবে বহিস্কাৰ কৰে ৷ দেওবাৰৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি ৰাজ্যসভাৰ অধ্যক্ষ গৰাকীয়ে কয়, "কালিৰ দিনটো ৰাজ্যসভাৰ বাবে এটা অত্যন্ত বেয়া দিন আছিল, উপাধ্যক্ষ গৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰা হৈছিল ৷ দায়িত্ব পালনত উপাধ্যক্ষ গৰাকী সমস্যাৰ সন্মুখীন হৈছিল ৷ এইয়া অতি দুৰ্ভাগ্যজনক আৰু গৰিহনাযোগ্য ৷ মই সাংসদ সকলক এবাৰ আত্মনিৰীক্ষণ কৰি চাবলৈ আহ্বান জনাইছো ৷

বিৰোধী সাংসদসকলৰ এই ব্যৱহাৰক সমালোচনা কৰি ৰাজ নাথ সিঙৰ নেতৃত্বত ছয় মন্ত্ৰীয়ে দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছিল ৷ ৰাজ্যসভাৰ সাংসদ ভি. মুৰুলীধৰনে আজি মন্তব্য কৰে যে নিলম্বিত সদস্যৰ সদনত থকাৰ কোনো অধিকাৰ নাই ৷ সদনৰ সদস্যপদ নথকা লোকৰ উপস্থিতিত সদনৰ কামকাজ পৰিচালিত হ'ব নোৱাৰে ৷

ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ

লগতে পঢ়ক:আজিৰে পৰা পুনৰ মুকলি তাজমহল আৰু আগ্ৰা ফৰ্ট

Last Updated : Sep 21, 2020, 1:22 PM IST

ABOUT THE AUTHOR

...view details