অসম

assam

ETV Bharat / bharat

ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণ : ভাৰতে S-400 মিছাইল ছিষ্টেম লাভ কৰিবনে ? - S-400 এয়াৰ মিছাইল ছিষ্টেম

ভাৰত আৰু ৰাছিয়াই বাৰ্ষিক দ্বিপাক্ষিক অধিবেশনত 5.4 বিলিয়ন আমেৰিকান ডলাৰৰ মিছাইল চুক্তি কৰিছিল ৷ 2018 চনত নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল ৷

ভাৰতে S-400 মিছাইল ছিষ্টেম লাভ কৰিবনে ?
ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণ

By

Published : Jun 23, 2020, 8:07 AM IST

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া ভ্ৰমণ কৰিছে ৷ এই মাহৰে প্ৰথমভাগত ভাৰত-চীনৰ সীমান্ত বিবাদৰ ফলত গলৱান উপত্যকাত 20 জনকৈ ভাৰতীয় জোৱানে প্ৰাণ হেৰুওৱাৰ কিছুদিন পাচতে সিঙৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে ৷ সেয়েহে নতুন দিল্লীয়ে অতি সোনকালে মস্কোৰ পৰা S-400 এয়াৰ মিছাইল ছিষ্টেম সংগ্ৰহ কৰিবৰ বাবে অপেক্ষা কৰি আছে ৷

উল্লেখ্য যে,ভাৰত আৰু ৰাছিয়াই বাৰ্ষিক দ্বিপাক্ষিক অধিবেশনত 5.4 বিলিয়ন আমেৰিকান ডলাৰৰ মিছাইল চুক্তি কৰিছিল ৷ 2018 চনত নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল ৷

2018 চনৰ জানুৱাৰীৰ পৰা আমেৰিকান প্ৰশাসনে Countering America's Adversaries Through Sanctions Act (CAATSA) আইন প্ৰয়োগ কৰাৰ ফলত S-400 এয়াৰ মিছাইল চুক্তিত প্ৰভাৱ পৰিছিল ৷ CAATSA এ ৰাছিয়ান,ইৰানিয়ান আৰু উত্তৰ কোৰিয়াৰ প্ৰতিৰক্ষা কোম্পানীসমূহৰ সৈতে ব্যৱসায় কৰা দেশসমূহক লক্ষ্য কৰি লৈছে ৷

আমেৰিকান ছিনেটৰ এটা দলে ৰাছিয়াৰ ওপৰত CAATSA আইন প্ৰয়োগ কৰাৰ লগতে ইউক্ৰেইন আৰু ছিৰিয়াৰ যুদ্ধত জড়িত হোৱা আৰু 2016 আমেৰিকান ৰাষ্ট্ৰপতি নিৰ্বাচনত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

2020 চনৰ অক্টোবৰৰ পৰা 2023 চনৰ এপ্ৰিল পৰ্যন্ত এই মিছাইল প্ৰদান কৰাৰ কথা আছিল ৷ কিন্তু,নতুন দিল্লীস্থিত ৰাছিয়াৰ দূতাবাসে বিশ্বৰ বিভিন্ন স্থানৰ মূল্য অনুসৰি ইয়াৰ দাম 16 বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পোৱা বাবে 2025 চন পৰ্যন্ত ইয়াক প্ৰদান কৰিব পৰা নাযাব বুলি জনায় ৷

কিন্তু, ভাৰত-চীন সীমান্ত বিবাদৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে যিমানে পাৰে সোনকালে এই ছিষ্টেম সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব ৷ সোমবাৰে ৰাছিয়ালৈ উৰা মৰাৰ পূৰ্বে ৰাজনাথ সিঙে টুইটাৰৰ জৰিয়তে কয় যে,ৰাছিয়া-ভাৰতৰ প্ৰতিৰক্ষা আৰু ষ্ট্ৰেটেজিক অংশীদাৰিত্ব পূৰ্বতকৈ অধিক গভীৰ কৰাত এই ভ্ৰমণে যথেষ্ট সহায় কৰিব ৷

ভাৰত আৰু ৰাছিয়াই এক “Special and Privileged Strategic Partnership”অব্যাহত ৰখাৰ লগতে ভাৰতক প্ৰতিৰক্ষামূলক সামগ্ৰী প্ৰদানত মস্কোয়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ তথ্য অনুসৰি, চীনেও ৰাছিয়াৰ পৰা S-400 মিছাইল লাভ কৰিছে আৰু ইয়াৰ ফলত ভাৰত চিন্তিত হৈ পৰিছে ৷

বুধবাৰে ৰাছিয়াত অনুষ্ঠিত হ'বলগা 75 সংখ্যক দ্বিতীয় বিশ্বযুদ্ধৰ জয় দিৱস পেৰেডত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজনাথ সিঙে ৷ ইয়াৰ পাছতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্জেই ছইগোৰ সৈতে তেওঁ এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু S-400 মিছাইল সম্পৰ্কত আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বৰ্তমানৰ উত্তেজনামূলক পৰিস্থিতিত ভাৰতে অতি সোনকালে S-400 মিছাইল সংগ্ৰহ কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে ৷

তথ্য অনুসৰি,ভাৰতৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াক 2021 চনৰ ভিতৰত অতি কমেও দুটা ছিষ্টেম প্ৰদান কৰিবলৈ অনুৰোধ জনাব ৷ এই চুক্তি অনুসৰি, ৰাছিয়াই ভাৰতক এনে ধৰণৰ পাঁচটা ছিষ্টেম প্ৰদান কৰিব আৰু নতুন দিল্লীয়ে ইতিমধ্যেই ইয়াৰ অধিকাংশ টকা পৰিশোধ কৰি দিছে ৷

-অৰুণিমা ভূঞা

লগতে পঢ়ক : গণসংক্ৰমণঃ মঙলবাৰৰ পৰা গুৱাহাটীৰ ৭ টা ৱাৰ্ডত লক ডাউন

ABOUT THE AUTHOR

...view details