অসম

assam

ETV Bharat / bharat

দাৰ্জিলিঙত সেনাৰ সৈতে শস্ত্ৰ-পূজা আগবঢ়ালে প্ৰতিৰক্ষামন্ত্ৰীয়ে - চুকনা চেৰাথাংস্থিত সেনাৰ চাউনী

দেওবাৰে বিজয়া দশমী উপলক্ষে দাৰ্জিলিঙৰ যুদ্ধ স্মাৰকত শ্বহীদক শ্ৰদ্ধা অৰ্পন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ আনহাতে চুকনা চেৰাথাংস্থিত সেনাৰ চাউনীত ‘শস্ত্ৰ পূজা’ত ভাগ লয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

Rajnath Singh performs Shastra puja; will interact with soldiers at Nathula area of Sikkim
দাৰ্জিলিঙত সেনা বাহিনীৰ সৈতে শস্ত্ৰ পূজাত অংশগ্ৰহণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

By

Published : Oct 25, 2020, 2:30 PM IST

নিউজ ডেস্ক, 25 অক্টোবৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে বিজয়া দশমী উপলক্ষে দাৰ্জিলিঙৰ যুদ্ধ স্মাৰকত শ্বহীদক স্মৰণ কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে চিক্কিমৰ নাথুলা পাছ দৰ্শন কৰাৰ লগতে চুকনাস্থিত ভাৰতীয় সেনা চাউনীত উপস্থিত হৈ সেনাসকলক সাক্ষাৎ কৰে ৷

চুকনা চেৰাথাংস্থিত সেনাৰ চাউনীত সম্পন্ন হোৱা শস্ত্ৰ পূজাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে, "ভাৰত-চীনৰ মাজৰ সীমা বিবাদৰ অন্ত পৰাতো আৰু শান্তি বজাই ৰখাতো ভাৰতে বিচাৰে ৷ মোৰ বিশ্বাস আমাৰ সেনাই আমাৰ ভূমিৰ এক ইঞ্চি মাটিও আনক নিদিয়ে ৷"

দাৰ্জিলিঙত সেনা বাহিনীৰ সৈতে শস্ত্ৰ পূজাত অংশগ্ৰহণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

উল্লেখ্য যে, ৰাজনাথ সিঙে শনিবাৰে দাৰ্জিলিঙৰ চুকনাস্থিত 33 ক'ৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় আৰু পূৱ চেক্টৰৰ পৰিস্থিতিৰ বুজ লয় ৷ এই যাত্ৰাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে স্থল সেনাধ্যক্ষ জেনেৰেল মনোজ মুকুন্দ নাৰৱানে উপস্থিত থাকে ৷ ইয়াৰোপৰি ৰাজনাথ সিঙে এক সাংস্কৃতিক কাৰ্যসূচীতো ভাগ লয় ৷

সেনা বাহিনীক সাক্ষাৎ কৰি তেওঁ কয় যে, "ত্ৰিশক্তি (স্থল,জল আৰু নৌসেনা) বাহিনীৰ এক স্বৰ্ণ ইতিহাস আছে ৷ বিশেষভাৱে 1962,1967,1971 আৰু 1975 চনত এই বাহিনীয়ে তেওঁলোকৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল ৷"

দাৰ্জিলিঙত সেনা বাহিনীৰ সৈতে শস্ত্ৰ পূজাত অংশগ্ৰহণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মিত এক সীমান্তৱৰ্তী পথো ভিডিঅ' কনফাৰেন্সযোগে উদ্বোধন কৰে ৷ গেংটকৰ পৰা নাথুলালৈ যাবলগীয়া অতিৰিক্ত পথটো চুকনাস্থিত 33 ক'ৰ (ত্ৰিশূল ক'ৰ)ৰ মুখ্যালয়ৰ পৰা উদ্বোধন কৰে ৷

লগতে পঢ়ক :হিন্দুত্ব হৈছে দেশৰ সাৰমৰ্ম : মোহন ভাগৱত

ABOUT THE AUTHOR

...view details