অসম

assam

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰে আলোচনাত মিলিত হ'ব ৰাজনাথ সিঙ

By

Published : Sep 4, 2020, 3:52 PM IST

মস্কোত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংঘেৰ সৈতে আলোচনাত মিলিত হ'ব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ । চাংঘাই সহযোগিতা সংগঠনৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশ ল'ব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰে আলোচনাত মিলিত হ'ব ৰাজনাথ সিঙে
চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰে আলোচনাত মিলিত হ'ব ৰাজনাথ সিঙে

নেশ্যনোল ডেস্ক,৪ছেপ্টেম্বৰ : পূৱ লাডাখত অশান্তিকৰ পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে শুকুৰবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংঘেৰ সৈতে চাংঘাই সহযোগিতা সংগঠনৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশ হ'ব । বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ পূৱ লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত হোৱা বিবাদৰ পিছত দুয়োখন দেশৰ মাজত আজি প্ৰথমবাৰৰ বাবে উচ্চস্তৰীয় পৰ্যায়ত আলোচনা হ'ব ।

বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে দুয়ো দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী মস্কোত উপস্থিত হৈছে । বৈঠকত চীন আৰু ভাৰতৰ মাজত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাক লৈ সৃষ্টি হোৱা বিবাদৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, ৫দিন পূৰ্বে পংগোং হ্ৰদৰ দক্ষিণ সীমাৰ ভাৰতীয় ভূমি দখলত চীনা সৈন্য বিফল হোৱাৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ফোনযোগে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সৈতে বাৰ্তালাপ কৰিছে । ইপিনে, দুয়োখন দেশৰ সেনাৰ উচ্চপদস্থ বিষয়াও বাৰ্তালাপ চলাই থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :খুমটাইত কবি মন্দিৰা তামুলীৰ কাব্য গ্ৰন্থ "দুঃসময়ৰ ইতিহাস" উন্মোচন

ABOUT THE AUTHOR

...view details