শ্বিলং, ১১ ফেব্ৰুৱাৰীঃ সোমবাৰে তৃতীয় দিনা CBI ৰ জেৰাৰ সন্মুখীন হ'ব কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ । চিটফাণ্ড সাৰদাৰ কেইবাশ কোটিটকীয়া কেলেংকাৰীৰ সন্দৰ্ভত যোৱা শনিবাৰৰৰ পৰা CBI ৰ এটা দলে ৰাজীৱ কুমাৰক শ্বিলংস্থত কাৰ্যালয়ত জেৰা চলাই আছে ।
তৃতীয় দিনাও জেৰাৰ সন্মুখীন হ'ব ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষ - CBI
পুৱা ১১ বজাত দুয়োকে হাজিৰ কৰা হয় চি বি আই আদালতত
উল্লেখ্য যে, সাৰদা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ কুনাল ঘোষকো CBI এ দেওবাৰে শ্বিলঙত চলাইছিল জেৰা । দেওবাৰে ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষক CBI ৰ দলে পৃথকে পৃথকে জেৰা চলোৱাৰ লগতে দুয়োকে মুখামুখিকৈ বহুৱাই জেৰা কৰিছিল । সাৰদা কেলেংকাৰীৰ তদন্তৰ মাজতে দেওবাৰে অন্য এক চিটফাণ্ড কোম্পানী ৰ'জভেলীৰ তদন্তকাৰী বিষয়া শ্বিলঙৰ চি বি আই কার্যলায়ত উপস্থিত হয়। চিটফাণ্ড কোম্পানী ৰ'জভেলী কেলেংকাৰীৰ সন্দৰ্ভত পশ্চিম বংগৰ দুৰ্গাপুৰত এক গোচৰ ৰুজু হৈছিল কিন্তু কলকাতা এছ টি এফয়ে এই গোচৰ সম্পৰ্কে চি বি আইক কোনো ধৰণৰ জাননী প্ৰদান কৰা নাছিল। সোমবাৰে ৰাজীৱ কুমাৰক সাৰদাৰ লগতে ৰ'জভেলী কেলেংকাৰীৰ সন্দৰ্ভতো চি বি আইয়ে জেৰা চলাব বুলি জানিব পৰা গৈছে।