নেশ্যনেল ডেস্ক, 22 জুলাই :বুধবাৰে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে(ED) ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃ আগ্ৰাছেন গেহলটৰ জয়পুৰস্থিত বাসগৃহত তালাচী চলায় ৷ সাৰ কেলেংকাৰীত ধন আত্মসাতৰ গোচৰত তালাছী আগ্ৰাছেন গেহলটৰ বাসগৃহত তালাচী চলোৱা হয় ৷ ইয়াৰোপৰি, আগ্ৰাছেন গেহলটৰ মালিকাধীন জোধপুৰস্থিত 'অনুপম কৃষি' নামৰ এক কোম্পানীটো ED বিষয়াই তালাচী চলায় ৷
উল্লেখ্য যে, ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (PMLA) অধীনত ED য়ে এই গোচৰ ৰুজু কৰিছিল ৷ PMLA ৰ অধীনত ৰাজস্থানৰ ছয়টাকৈ স্থান, গুজৰাটৰ চাৰিটা, পশ্চিমবংগৰ দুটা আৰু দিল্লীৰ এটা স্থানত তালাচী চলোৱা হয় ৷