অসম

assam

ETV Bharat / bharat

চৰকাৰৰ ব্যয় বৃদ্ধি কৰক : কিন্তু কিহৰ বিনিময়ত ? - অৰ্থনীতিৰ উন্নয়ন

1 ফেব্ৰুৱাৰীত বাজেট প্ৰকাশৰ পূৰ্বে চৰকাৰৰ ব্যয় বৃদ্ধিৰ দাবী কৰা হৈছে ৷ দেশৰ অৰ্থনীতি বিকাশৰ বাবে চৰকাৰৰ ওপৰত তীব্ৰ চাপ প্ৰয়োগ কৰা হৈছে ৷ এই লিখনিৰ জৰিয়তে অৰ্থশাস্ত্ৰবিদ ৰেনু কোহলীয়ে বৰ্ণনা কৰিছে ৰাজহুৱা ব্যয়বৃদ্ধিয়ে অৰ্থনীতিৰ উন্নয়ন ঘটোৱাৰ লগতে বহনক্ষমতাই উন্নয়নৰ গতি ত্বৰান্বিত কৰিবনে ?

বিত্তমন্ত্ৰী
নিৰ্মলা সীতাৰমণ

By

Published : Jan 28, 2020, 7:50 PM IST

চলিত বিত্তীয় বৰ্ষত চৰকাৰে জিডিপিৰ বিকাশ পাঁচ শতাংশলৈ বৃদ্ধি পাব বুলি অনুমান ব্যক্ত কৰিছে ৷ পূৰ্বৰ বিত্তীয় বৰ্ষত বিকাশৰ পৰিমাণ 6.8 শতাংশ আছিল ৷ 1 ফেব্ৰুৱাৰীলৈকে চৰকাৰী ব্যয়ৰ বৃদ্ধি নিৰ্ধাৰিত বাজেটতকৈ বৃদ্ধি পাইছে ৷

এই বিত্তীয় বৰ্ষ 2017-18 চনৰ পাচত বিকাশৰ দিশত অৱনতি ঘটাৰ ক্ৰমাৎ তৃতীয়টো বছৰ ৷ এই বৰ্ষত বাস্তৱিক জিডিপি বিকাশত 1.8 শতাংশ অৱনতি ঘটিছে ৷

বৰ্তমান ভাৰতৰ অৰ্থনীতি কিদৰে বিকাশ ঘটিব সেই সম্পৰ্কত কোনেও উত্তৰ দিব নোৱাৰে ৷ দেশৰ অৰ্থব্যৱস্থা বিভিন্ন ভাগত বিভক্ত হৈ আছে আৰু এই ব্যৱস্থা কোনো কাৰণতে এক সময়তে অৱনমিত অথবা উৰ্দ্ধগামী হ'ব নোৱাৰে ৷

পিএম-কিছান আঁচনিৰ জৰিয়তে কৃষকক অধিক আবন্টন দি তেওঁলোকৰ হাতত অধিক অৰ্থসাহাৰ্য প্ৰদান কৰা হ'ব যদিও ই চৰকাৰৰ খৰছ আৰু বৃদ্ধি কৰিব ৷

এনে চৰকাৰী খৰছৰ পাচত নিযুক্তি আৰু আয় বৃদ্ধি পালেও শেহতীয়া বছৰ কেইটাত জিডিপি বৃদ্ধিৰ ওপৰত লক্ষ্য কৰিলে দেখিবলৈ পোৱা যাব যে এনে আঁচনি অস্থায়ী আৰু ইয়াৰ ফলত বিকাশৰ গতি ধীৰ হৈ পৰে ৷

অন্য এটা দৃশ্যপট এয়া হ'ল যে, চৰকাৰে ৰাস্তা-পথ, দলং, বন্দৰ নিৰ্মাণত অধিক ব্যয় কৰে ৷ ইয়াৰ ফলত চিমেন্ট, ষ্টীল আৰু অন্য নিৰ্মাণ সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পায় আৰু বহু শ্ৰমিকে নিযুক্তিও লাভ কৰে ৷ এই লোকসকলক নিযুক্তি প্ৰদানৰ বাবে চৰকাৰী ব্যয় বৃদ্ধি পায় ৷

2014-19 বিত্তীয় বৰ্ষত চৰকাৰে আন্তঃগাঁথনিত বহু পৰিমানে বিনিয়োগ কৰিছে ৷ ইয়াৰ ফলত 2018 আৰু 2019 বিত্ত বৰ্ষত টকাৰ পৰিমাণ 4 ত্ৰিলিয়ন টকালৈ বৃদ্ধি পালে ৷ তথাপিও জিডিপি বৃদ্ধিৰ ক্ষেত্ৰত এই হাৰ 5 শতাংশলৈ কমি গ'ল ৷

এই ধৰণৰ ঘটনাবোৰ মন কৰিবলগীয়া যিহেতু এনে আঁচনিৰ ফলতো জিডিপিৰ বিকাশ হোৱা নাই ৷ সেয়েহে এই ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ বহু প্ৰয়োজন আছে ৷

ৰাজকোষৰ ঘাটি বৃদ্ধি পোৱাটো বিপদৰ আগজাননী ৷ ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ মাজৰ ব্যৱধান আৰু বৃদ্ধি পালে এয়া আৰু ভয়ংকৰ হৈ পৰিব ৷

বাজেট, 2020

বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, দুই দশকত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰত অৱনতি ঘটিছে ৷

RBIৰ পৰা 100 বিলিয়ন লাভাংশৰ লগতে তেল কোম্পানী আৰু অন্য ৰাজহুৱা অনুষ্ঠানৰ পৰা বহুসংখ্যক লাভাংশ চৰকাৰে লাভ কৰিবলগা আছে ৷ অন্যথা, 3.3 শতাংশৰ পৰিৱৰ্তে জিডিপি 3.8-4.1 শতাংশলৈ হ্ৰাস পোৱাৰো সম্ভাৱনা আছে ৷

অন্য এটা প্ৰশ্ন উত্থাপন হয় যে, চৰকাৰে আৰু অধিক ধাৰ লোৱাৰ প্ৰয়োজন আছে জানো ? এই টকাসমূহ বিনামূল্যে পোৱা নাযায় ৷ অৰ্থব্যৱস্থাৰ বহুকেইটা ব্যক্তিগত খণ্ড ঋণগ্ৰস্ত হৈ আছে, সেয়া বেংক অথবা বৃহৎ কৰ্পৰেট কোম্পানীয়ে কিয় নহওঁক ৷

-ৰেণু কোহলী (দিল্লীৰ এগৰাকী অৰ্থনীতিবিদ, লিখনিত তেওঁ ব্যক্তিগত অভিমত প্ৰকাশ কৰিছে)

ABOUT THE AUTHOR

...view details