নেশ্যনেল ডেস্ক, 22 অক্টোবৰ:কংগ্ৰেছ দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে শুকুৰবাৰৰ পৰা বিহাৰ বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত পূৰ্ণ পৰ্যায়ত নামি পৰিব ৷ নাৱাডাৰ হিচুৱা আৰু ভাগলপুৰৰ কাহালগাঁৱত অনুষ্ঠিত হ'ব লগা ৰেলী আৰু প্ৰচাৰ অভিযানৰ জড়িয়তে প্ৰাক্তন সভাপতি গৰাকী নিৰ্বাচনী অভিযান আৰম্ভ কৰিব ৷
শুকুৰবাৰে ৰাতিপুৱা হিচুৱাৰ আন্তঃবিদ্যালয় প্ৰাংগনত ৰাহুল গান্ধীয়ে প্ৰথমটো ৰেলী আৰম্ভ কৰিব ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিতু সিঙক সমৰ্থন কৰি ৰাহুল গান্ধীয়ে এই ৰেলী আৰম্ভ কৰিব ৷ ইয়াৰ পাছতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী ভাগলপুৰৰ কাহালগাঁৱত উপস্থিত থাকিব আৰু এচএচভি মহাবিদ্যালয় প্ৰাংগনত আবেলি 2 বজাত এখন সভা সম্বোধন কৰিব ৷