অসম

assam

By

Published : Apr 24, 2020, 11:35 AM IST

ETV Bharat / bharat

৩ মাহৰ বাবে ভাৰাতীয়াৰ পৰা ভাড়া সংগ্ৰহ কৰিব নোৱাৰিব মালিকেঃ তেলেংগানা চৰকাৰ

বৃহস্পতিবাৰে তেলেংগানা চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কোভিড-১৯ ৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি সম্পত্তিৰ গৰাকীক ৩ মাহৰ বাবে ঘৰৰ ভাড়া সংগ্ৰহ কৰাত স্থগিত ৰখাৰ নিৰ্দেশ ।

Property owners in Telangana to face action for insisting on rent
Property owners in Telangana to face action for insisting on rent

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ সংকটৰ সময়ত তেলেংগানা চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । তেলেংগানা চৰকাৰে বৃহস্পতিবাৰে আৱাসিক উদ্দেশ্যে লিজত দিয়া সম্পত্তিৰ তিনি মাহৰ বাবে ভাড়া আদায় লোৱাত স্থগিতাদেশ জাৰি কৰি সতৰ্ক কৰি দিয়ে যে উলংঘণকাৰীৰ বিৰুদ্ধে বিহিত ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব ।

লক ডাউনৰ কাৰণে যি সমস্যা দেখা দিছে সেই বাবেই চৰকাৰে ২০২০ ৰ মাৰ্চ মাহৰ পৰা তিনি মাহৰ বাবে ভাড়াতীয়াৰ পৰা ভাড়া সংগ্ৰহ নকৰাৰ বাবে সম্পত্তিৰ গৰাকীক নিৰ্দেশ প্ৰদান কৰিছে । তাৰ পাচত বিনা সুদত কিস্তিত এই তিনি মাহৰ ভাৰা সমূহ সংগ্ৰহ কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে ।

যিয়ে এই নিৰ্দেশ পালন নকৰিব মহামাৰী ৰোগ আইন, ১৮৯৭ (Epidemic Diseases Act)ৰ ধাৰা ৩ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ (Disaster Management Act)ৰ ধাৰা ৫১ৰ পৰা ৫৮ৰ অধীনত অপৰাধ হিচাপে গণ্য কৰা হ'ব বুলি মুখ্যসচিব সমেশ কুমাৰে উল্লেখ কৰে। সকলো সংগ্ৰহক,জিলা অধিকাৰী, পৌৰ আয়ুক্তক কঠোৰ বাবে এই আইন বলৱৎ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

লগতে মুখ্যমন্ত্ৰী কে.চন্দ্ৰশ্বেখৰ ৰাওৱে ঘোষণা কৰিছে যে,যদি মালিকে ভাড়া আদায় দিয়াক লৈ কোনো লোকক হাৰাশাস্তি কৰে তেন্তে ১০০ নম্বৰত ডাইল কৰি আৰক্ষীক গোচৰ ৰুজু কৰিব পাৰিব । বৰ্তমানলৈকে তেলেংগানাত আৰক্ষীয়ে এনে ৩৫টা গোচৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

...view details