অসম

assam

ETV Bharat / bharat

ৰাহুল গান্ধীৰ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান দলৰ

শনিবাৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিক দলৰ সভাপতি পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিছিল ৷অৱশ্যে কাৰ্যকৰী সমিতিয়ে সৰ্বসন্মতিক্ৰমে নাকচ কৰিছিল ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ ৷

Rahul gandhi

By

Published : May 28, 2019, 1:34 PM IST

নতুন দিল্লী, 28 মে' :প্ৰিয়ংকা গান্ধী আৰু ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী শচীন পাইলটে মঙলবাৰে সাক্ষাৎ কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক ৷ লগতে উপস্থিত থাকে কংগ্ৰেছৰ মুখপাত্ৰ ৰনদীপ সুৰজেৱালা আৰু দলৰ সাধাৰণ সচিবৰ দায়িত্বত থকা কে চি বেণুগোপাল ৷

উল্লেখযোগ্য যে , শনিবাৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিক দলৰ সভাপতি পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিছিল ৷অৱশ্যে কাৰ্যকৰী সমিতিয়ে সৰ্বসন্মতিক্ৰমে নাকচ কৰিছিল ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ ৷ দলীয় সূত্ৰত প্ৰকাশ পোৱা অনুসৰি দলৰ জেষ্ঠ নেতাসকলে এই সন্দৰ্ভত সভাপতিগৰাকীক সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাইছে যদিও নিজৰ সিদ্ধান্ত অটল আছে ৰাহুল গান্ধী ৷ দেশৰ সাধাৰণ নিৰ্বাচনত হতাশাজনক প্ৰদৰ্শনৰ দায়িত্ব মূৰ পাতি লৈ দলৰ নেতৃত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে ৷

ABOUT THE AUTHOR

...view details