নিউজ ডেস্ক, 3 আগষ্টঃ ৰাখী বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বহুকেইগৰাকী কেবিনেট মন্ত্ৰীৰ ৷ ৰাষ্ট্ৰপতিয়ে সোমবাৰে ৰাখী বন্ধন উপলক্ষে টুইটযোগে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে,ৰাখী বন্ধন ভাতৃ আৰু ভগ্নীৰ বিশ্বাস তথা মৰমৰ এডাল পৱিত্ৰ ধাগা ৷ এই দিনটোত মহিলাৰ সন্মান আৰু মৰ্যদা সুৰক্ষিত কৰাৰ বাবে ভাতৃসকলে ভগ্নীক প্ৰতিশ্ৰুতি দিয়ে বুলি মত প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
ৰাখী বন্ধন ভাতৃ আৰু ভগ্নীৰ বিশ্বাস তথা মৰমৰ ধাগাঃ ৰামনাথ কোবিন্দ - ৰামনাথ কোবিন্দ
ভাতৃ ভগ্নীৰ পৱিত্ৰ তথা স্নেহৰ বন্ধন ৰাখী বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সহ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীৰ ৷ ৰাখী বন্ধন ভাতৃ আৰু ভগ্নীৰ বিশ্বাস তথা মৰমৰ এডাল পৱিত্ৰ ধাগা বুলি মন্তব্য ৰাষ্ট্ৰপতি গৰাকীৰ ৷
ৰাখী বন্ধন ভাতৃ আৰু ভগ্নীৰ বিশ্বাস তথা মৰমৰ ধাগাঃ ৰামনাথ কোবিন্দ
উল্লেখ্য যে,ভাতৃ ভগ্নীৰ পৱিত্ৰ তথা স্নেহৰ বন্ধনেই হৈছে ৰাখী বন্ধন ৷ 3 আগষ্টত সমগ্ৰ দেশজুৰি পালন কৰা হ’ব এই পৱিত্ৰ উৎসৱটি ৷ প্ৰাচীন কালৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ৰাখী বন্ধন উৎসৱে সমাজত অধিকাৰ কৰি আহিছে এক বিশেষ স্থান ৷
লগতে পঢ়কঃৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে 151 খন নদীৰ পৰা পানী সংগ্ৰহ দুই ভাতৃৰ
Last Updated : Aug 3, 2020, 12:20 PM IST