অসম

assam

ETV Bharat / bharat

"দা প্ৰেচিডেন্সিয়েল ইয়াৰ্চ"ৰ প্ৰকাশন বন্ধ কৰিবলৈ আহ্বান পুত্ৰ অভিজিৎ মুখাৰ্জীৰ

প্ৰণৱ মুখাৰ্জীৰ ক‘ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত স্বাস্থ্যৰ অৱনতিৰ বাবে 31 জুলাইত 84 বছৰ বয়সত দেহাৱসান হৈছিল ৷ মুখাৰ্জীয়ে মৃত্যুৰ পূৰ্বেই গ্ৰন্থখন লিখি সম্পূৰ্ণ কৰিছিল ৷ ৰূপা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থ 2021 চনৰ জানুৱাৰী মাহত পাঠকৰ মাজলৈ অহাৰ কথা আছিল ৷

pranab-mukherjee-son-urge-to-stop-publication-of-the-presidential-years
"দা প্ৰেচিডেন্সিয়েল ইয়াৰ্চ"ৰ প্ৰকাশন বন্ধ কৰিবলৈ আহ্বান পুত্ৰ অভিজিৎ মুখাৰ্জীৰ

By

Published : Dec 15, 2020, 10:06 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰ : প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে তেখেতৰ পিতৃৰ সোঁৱৰণত প্ৰকাশিত " দা প্ৰেচিডেন্সিয়েল ইয়াৰ্চ " ৰ প্ৰসংগ উল্লেখ কৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত কিছুমান কথাক "প্ৰেৰিত' বুলি উল্লেখ কৰে ৷ অভিজিৎ মুখাৰ্জীয়ে মঙলবাৰে প্ৰকাশকক তেখেতৰ লিখিত অনুমতি নোপোৱালৈকে এই গ্ৰন্থৰ প্ৰকাশন বন্ধ ৰাখিবলৈ আহ্বান জনায় ৷

প্ৰাক্তন সাংসদ অভিজিতে লগতে কয় যে, তেখেতে গ্ৰন্থখনৰ প্ৰকাশন স্থগিত ৰাখিবলৈ গ্ৰন্থখনৰ প্ৰকাশন কৰি থকা "ৰূপা প্ৰকাশন" ক পত্ৰ লিখিছে ৷

দৰাচলতে গ্ৰন্থখনৰ কিছু অংশ ৰাজহুৱা হৈছে আৰু ৰাজহুৱা হোৱা অংশত উল্লেখিত তথ্যৰ মতে, " দা প্ৰেচিডেন্সিয়েল ইয়াৰ্চ " ত মুখাৰ্জীয়ে লিখে যে তেখেতৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত কংগ্ৰেছৰ ৰাজনৈতিক গতি সলনি হয় ৷ দলৰ কিছু সদস্যৰ ধাৰণা আছিল যে যদি 2004 চনত তেখেত প্ৰধানমন্ত্ৰী হ‘লহেতেন তেন্তে হয়তো 2014 ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হ‘বলগীয়া নহল হেঁতেন ৷

উল্লেখ্য যে, প্ৰণৱ মুখাৰ্জীৰ ক‘ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত স্বাস্থ্যৰ অৱনতিৰ বাবে 31 জুলাইত 84 বছৰ বয়সত দেহাৱসান হৈছিল ৷ মুখাৰ্জীয়ে মৃত্যুৰ পূৰ্বেই গ্ৰন্থখন লিখি সম্পূৰ্ণ কৰিছিল ৷ ৰূপা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থ 2021 চনৰ জানুৱাৰী মাহত পাঠকৰ মাজলৈ অহাৰ কথা আছিল ৷

লগতে পঢ়ক: এলাহবাদ উচ্চ ন্যায়ালয়ৰ আদেশৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি

ABOUT THE AUTHOR

...view details