নেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃদিল্লী নিৰ্বাচনৰ কিছু দিন পূৰ্বে, সোমবাৰে নিৰীক্ষণকাৰী দলে অৰ্জুন নগৰ অঞ্চলত এগৰাকী ব্যৱসায়ীৰ পৰা 49 লাখ টকা জব্দ কৰে ৷ কৃষ্ণ নগৰ সমষ্টিৰ অন্তৰ্গত অৰ্জুন নগৰ অঞ্চলটোত নিৰীক্ষণকাৰী দলে নিয়মীয়া তালাচী চলাই থকা সময়তে ব্যৱসায়ীজনৰ গাড়ীৰ পৰা ধন সমূহ জব্দ কৰে ৷ জিলা নিৰ্বাচনী বিষয়াই জনোৱা অনুসৰি ব্যৱসায়ীজনে ব্যৱসায়ৰ বাবে 49.16 লাখ টকা লগত ৰাখিছিল বুলি মন্তব্য কৰে ৷ ইপিনে ৰিটাৰ্নিং বিষয়াই এই সন্দৰ্ভত আয়কৰ বিভাগক অৱগত কৰে ৷ সম্প্ৰতি আয়কৰ বিভাগ আৰু দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ফেব্ৰুৱাৰীৰ 8 তাৰিখে দিল্লী নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰীৰ 11 তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ৷
নিৰ্বাচনৰ পূৰ্বে দিল্লীত বৃহৎ পৰিমানৰ ধন জব্দ - আয়কৰ বিভাগ আৰু দিল্লী আৰক্ষী
সোমবাৰে নিৰীক্ষণকাৰী দলে অৰ্জুন নগৰ অঞ্চলত এগৰাকী ব্যৱসায়ীৰ পৰা 49 লাখ টকা জব্দ কৰে ৷ আয়কৰ বিভাগ আৰু দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
দিল্লী