অসম

assam

ETV Bharat / bharat

খেড়া সীমান্তত প্ৰতিবাদী কৃষকলৈ উদ্দেশ্যি আৰক্ষীৰ কন্দুৱা গেছ

হাৰিয়ানাৰ খেড়া সীমান্তৰে কৃষক সকলে দিল্লী প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত ৰেবাড়ী আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষক সকলক ৰখাবলৈ 200 তকৈয়ো অধিক কন্দুৱা গেছ নিক্ষেপ কৰিছে ৷

police-fired-tear-gas-shells-on-farmers-protesting-in-rewari-kheda-border
খেড়া সীমান্তত প্ৰতিবাদী কৃষকলৈ উদ্দেশ্যি আৰক্ষীৰ কন্দুৱা গেছ

By

Published : Jan 3, 2021, 10:17 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী: জয়পুৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথস্থিত খেড়া সীমান্তৰে প্ৰতিবাদকাৰী কৃষকসকলে দিল্লীলৈ প্ৰৱেশৰ চেষ্টা কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি হাৰিয়ানাৰ ৰেবাড়ী আৰক্ষীয়ে মছানী উৰণীয়া সেঁতুৰ সমীপত প্ৰতিবাদকাৰী কৃষক সকলৰ দলটোক ৰখায় ৷ কৃষক সকলক ৰখাবলৈ আৰক্ষীয়ে কন্দুৱা গেছো নিক্ষেপ কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি, খেড়া সীমান্তৰে কৃষক সকলে দিল্লী প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত ৰেবাড়ী আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষক সকলক ৰখাবলৈ 200 তকৈ অধিক কন্দুৱা গেছ নিক্ষেপ কৰিছে তথা বৰ্তমানেও অঞ্চলটোত উত্তেজনা অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, প্ৰতিবাদকাৰী কৃষকৰ দলটোত সৰ্বাধিক সংখ্যক কৃষক দক্ষিণ হাৰিয়ানা আৰু ৰাজস্থানৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ বিজেপি নেতা বিপুল ফুকনৰ জাতীয় পৰিষদত যোগদান

ABOUT THE AUTHOR

...view details