নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: সংশোধিত নতুন কৃষি আইনৰ বিৰুদ্ধে আজি ৩০ দিনীয়া প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে দিনৰ ১২ বজাত ছয় পৃথক ৰাজ্যৰ কৃষকৰ সৈতে ভিডি'অ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক । এই বৈঠকত 'প্ৰধানমন্ত্ৰী কিষাণ নিধি'ৰ অধীনত ১৮,০০০ কোটি টকাৰ বিত্তীয় লাভৰ ধনৰাশি জাৰি কৰে মোডীয়ে । কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰো বৈঠকত উপস্থিত আছে । 'প্ৰধানমন্ত্ৰী কিষাণ নিধি'ৰ অধীনত মোকলাই দিয়া এয়া সপ্তমটো ধনৰাশি কৃষকসকলৰ বেংক একাউন্টত জমা হ'ব । ইয়াৰ অধীনত কৃষকসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু কল্যাণৰ বাবে সকলো কথা আদান-প্ৰদান কৰিব পাৰিব ।
উল্লেখনীয় যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত 'প্ৰধানমন্ত্ৰী কিষাণ নিধি' কেন্দ্ৰীয় আঁচনিখনৰ শুভাৰম্ভণি কৰা হৈছিল । এই আঁচনিত চৰকাৰৰ তৰফৰ পৰা ১০০ শতাংশ পুঁজি নিৰ্ধাৰণ কৰে । প্ৰতিবছৰে ৬০,০০০ টকাৰ বিত্তীয় ধনৰাশি মোকলাই দিয়ে চৰকাৰে । য'ত চাৰি মাহৰ ভিতৰত দুহেজাৰ টকাকৈ তিনিটা কিস্তি দিব লাগে ।