নিউজ ডেস্ক, ২২ জুন :লক্ ডাউনৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনত সংঘটিত হোৱা ভূমিম্পৰ ক্ষয়-ক্ষতিৰ বাবে সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে ।
মিজোৰামক সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোডীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইটত মিজোৰামক সকলো প্ৰকাৰৰ সহায় কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছে ।
প্ৰধানমন্ত্ৰীৰ টুইটৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে, National Centre for Seismology ৰ তথ্য অনুসৰি, সোমবাৰে ৰাজ্যখনত ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ৫.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হৈছিল । আনহাতে দেওবাৰে সন্ধিয়া ৪ বাজি ১৬ মিনিটত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হৈছিল । একেদৰে ১৮ জুন তাৰিখে ৰাজ্যখনৰ চম্ফাইৰ পৰা ৯৮ কিলোমিটাৰ দক্ষিণ-পূব অঞ্চলত সন্ধিয়া ৫.০ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গৈছিল ।
লগতে পঢ়ক : সাৱধান : উত্তৰ কোৰিয়াৰ চাইবাৰ অপৰাধী গ্ৰুপৰ হাতত 20 লাখ ভাৰতীয়ৰ তথ্য