অসম

assam

By

Published : Oct 2, 2020, 1:48 PM IST

ETV Bharat / bharat

জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী মোদীৰ

টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়,"লাল বাহাদুৰ শাস্ত্ৰী অত্যন্ত বিনম্ৰ আছিল ৷ তেখেতে সৰলতাক গুৰুত্ব প্ৰদান কৰিছিল আৰু আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল ৷ তেখেতৰ জন্ম জয়ন্তীত আমি তেখেতে ভাৰতৰ বাবে কৰা সকলো কামৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷"

PM Modi pays tribute to Lal Bahdur Sastri on his 116th birth anniversary
জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক, 2 অক্টোবৰঃ শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ 116 সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিজয় ঘাটত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেখেতে কয় যে, লাল বাহাদুৰ শাস্ত্ৰীয়ে সৰলতাক গুৰুত্ব প্ৰদান কৰিছিল আৰু আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল ৷

টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়,"লাল বাহাদুৰ শাস্ত্ৰী অত্যন্ত বিনম্ৰ আছিল ৷ তেখেতে সৰলতাক গুৰুত্ব প্ৰদান কৰিছিল আৰু আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল ৷ তেখেতৰ জন্ম জয়ন্তীত আমি তেখেতে ভাৰতৰ বাবে কৰা সকলো কামৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷"

ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷ লাল বাহাদুৰ শাস্ত্ৰী পুত্ৰ সুনীল শাস্ত্ৰী আৰু অনিল শাস্ত্ৰীয়েও বিজয় ঘাটত উপস্থিত হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল 1904 চনত উত্তৰ প্ৰদেশত ৷ তেখেতে 1964 চনৰ পৰা 1966 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত আছিল ৷

লগতে পঢ়ক-জনা নজনা বহু কথাৰে ইটিভি ভাৰতত যতীন বৰা

ABOUT THE AUTHOR

...view details