অসম

assam

ETV Bharat / bharat

নিজ সমষ্টিবাসীৰে ভিডিঅ' কনফাৰেন্স প্ৰধানমন্ত্ৰী মোডীৰ

বাৰাণসীবাসীৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ ৷ কৰ'ণা ভাইৰাছ সম্পৰ্কত বিভিন্ন আলোচনা কৰে মোডীয়ে ৷

Breaking News

By

Published : Mar 25, 2020, 11:11 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : লোকসভা সমষ্টি বাৰাণসীৰ স্থানীয় লোকৰ সৈতে বুধবাৰে এক ভিডিঅ' কনফাৰেন্সিঙত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই কনফাৰেন্সত মোডীয়ে কৰ'ণা ভাইৰাছ আৰু 21 দিনীয়া লকডাউন সম্পৰ্কত আলোচনা কৰে ৷ তেওঁ আশা কৰে যে, পৰৱৰ্তী 21 দিনত 'কৰ'ণাৰ বিৰুদ্ধে যুদ্ধ'ত জয়ী হ'বলৈ সক্ষম হ'ব ৷

তেওঁ কয়, "এই জটিল পৰিস্থিতিত, কাশীৰ ৰাইজে পথ প্ৰদৰ্শন কৰি সকলোৰে বাবে উদাহৰণ হিচাপে থিয় দিয়া উচিত ৷" তেওঁ লগতে কয় যে, কাশীয়ে দেশত সংযম, সমন্বয় আৰু সংবেদনশীলতাৰ শিক্ষা দিব ৷

মোডীয়ে কয়, "আপোনালোকৰ সাংসদ হিচাপে মই আপোনালোকৰ মাজত উপস্থিত থাকিব লাগিছিল ৷ কিন্তু দিল্লীত বৰ্তমান যি কাৰ্যপন্থা গ্ৰহণ কৰিবলগা হৈছে সেই সম্পৰ্কেও আপোনালোক জ্ঞাত ৷" বাৰাণসীত উপস্থিত নাথাকিলেও তেওঁৰ সহকৰ্মীসকলৰ পৰা প্ৰতিটো সময়ৰ খবৰ লাভ কৰা বুলিও সমষ্টিবাসীক জানিবলৈ দিয়ে মোডীয়ে ৷

লগতে সমষ্টিবাসীক কিছুসংখ্যক প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে মোডীয়ে ৷

আৰু পঢ়ক : চীনক অতিক্ৰমী স্পেইনত বৃদ্ধি পালে কৰ'ণাত মৃত্যুৰ সংখ্যা

ABOUT THE AUTHOR

...view details