অসম

assam

ETV Bharat / bharat

আম্ফানত বিধ্বস্ত পশ্চিম বংগলৈ 1000 কোটিৰ অন্তৱৰ্তীকালীন সাহায্য ঘোষণা মোডীৰ - অন্তৱৰ্তীকালীন সাহায্য

ৰাজ্যপাল জগদীপ ধানখড় আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে হোৱা এক পৰ্যালোচনাৰ পিচত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘূৰ্ণী বতাহত বিধ্বস্ত পশ্চিম বংগৰ বাবে ১০০০ কোটি টকাৰ অন্তৱৰ্তীকালীন সহায্য ঘোষণা কৰে ।

PM Modi announces interim relief of Rs 1,000 crore to cyclone-hit Bengal
PM Modi announces interim relief of Rs 1,000 crore to cyclone-hit Bengal

By

Published : May 22, 2020, 5:17 PM IST

Updated : May 22, 2020, 6:09 PM IST

নেশ্যনেল ডেস্ক, ২২ মে': শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘূৰ্ণী বতাহত বিধ্বস্ত পশ্চিম বংগৰ বাবে ১০০০ কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য ঘোষণা কৰে ।

উত্তৰ ২৪ পৰগনা জিলাৰ বাচিৰহাটত ৰাজ্যপাল জগদীপ ধানখড় আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে হোৱা এক পৰ্যালোচনাৰ পিচত, এটি ভিঢিঅ'যোগে মোডীয়ে বিধ্বংসী ঘূৰ্ণী বতাহৰ ফলত নিহত হোৱা পৰিয়াললৈ ২ লাখ টকাৰ অনুদানৰ বিষয়েও ঘোষণা কৰে । ইয়াৰ বিপৰীতে আমফানত আহত হোৱা লোকসকলৰ বাবে ৫০ হাজাৰ টকাৰ অনুদান ঘোষণা কৰে ।

এই বিধ্বংসী ঘূৰ্ণী বতাহৰ বাবে ৰাজ্যখনত এই পৰ্যন্ত এতি কমেও ৭৭ গৰাকী লোকে মৃত্যুক সাৱটি লোৱা বুলি জানিব পৰা গৈছে ।

এই ঘূৰ্ণী বতাহৰ ফলত উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা, পূব আৰু পশ্চিম মেদিনীপুৰ, কলকাতা, হাওড়া আৰু হুগলি জিলাৰ আন্তঃগাঠনি, চৰকাৰী আৰু বেচৰকাৰী সম্পদৰ ব্যাপক ক্ষতি সাধন বুলি জানিব পৰা গৈছে ।

Last Updated : May 22, 2020, 6:09 PM IST

ABOUT THE AUTHOR

...view details