নেশ্যনেল ডেস্ক, 18 জুলাই : সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদ (UNSC)ৰ অস্থায়ী সদস্যৰূপে ভাৰতক নিৰ্বাচিত কৰাৰ পাচত, পোনপ্ৰথমবাৰৰ বাবে সংযুক্ত ৰাষ্ট্ৰ আৰ্থিক আৰু সামাজিক পৰিষদ (ECOSOC)ৰ বাৰ্ষিক উচ্চ-স্তৰীয় সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত ৰাষ্ট্ৰৰ এক ব্যাপক সদস্যৰূপে সম্বোধন কৰিছে ৷
বাৰ্ষিক উচ্চ-স্তৰীয় সন্মিলনত চৰকাৰ, বেচৰকাৰী ক্ষেত্ৰ, নাগৰিক সমাজ আৰু শিক্ষাবিদসকলৰ উচ্চ-স্তৰীয় প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হয়৷ এই সন্মিলনৰ বিষয়বস্তু হৈছে 'Multilateralism after COVID19: What kind of UN do we need at the 75th anniversary'৷
উক্ত সন্মিলনত পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আৰু ক’ভিড-19 মহামাৰীৰ বিৰুদ্ধে বহুপক্ষীয় পাঠ্যক্ৰমক কেন্দ্ৰীকৰণ কৰা হ’ব ৷ ইয়াৰ লগতে শক্তিশালী নেতৃত্ব, প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ অংশীদাৰীৰ এক ব্যাপক আৰু মহত্বপূৰ্ণ মাধ্যমেৰে বৈশ্বিক লক্ষ্যক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ’ব ৷