নিউজ ডেস্ক, 4 জানুৱাৰী:প্লাষ্টিক বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰিছে অংগনবাদীত অধ্যয়নৰত কেইটিমান শিশুই ৷ যি সময়ত একক ব্যৱহৃত প্লাষ্টিকৰ বৰ্ধিত ভয়াৱহতাৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়োজন, তেনে সময়তে বিহাৰৰ প্ৰাক-বিদ্যালয়ৰ কেইটিমান শিশুই ইয়াৰ উৎকৃষ্ট উদাহৰণ বহন কৰিছে ৷
প্ৰাপ্তবয়স্ক লোকৰ মাজত শিশুসকলে বিলাইছে সজাগতা ৷ পূৱ চম্পাৰণৰ মধুছাপ্ৰা গাঁৱৰ অংগনবাদীৰ শিশু সকলে একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ বিষয়ে লোকক সজাগ কৰিছে ৷
শিশুসকলে শ্লোগান লিখি প্লে-কাৰ্ড বনাই সেইসমূহ গাঁওখনৰ ডাম্পিং য়াৰ্ডত লগাই থয়, য'ত প্লাষ্টিকৰ আৱৰ্জনা সমূহ দ'ম হৈ থকাৰ লগতে চাৰিওফালে সিঁচৰিত হৈ থাকে ৷ শিশুসকলৰ এই প্ৰচেষ্টাক এক ধনাত্মক প্ৰভাৱ হিচাপে গাঁওবাসীয়ে আখ্যা দিছে ৷