অসম

assam

By

Published : Apr 16, 2020, 5:36 PM IST

ETV Bharat / bharat

লক ডাউনৰ সময়ত FIRs বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জনিত আবেদন

লক ডাউনৰ সময়ত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ধাৰা ১৮৮ ত গোচৰ ৰুজু আৰু লক ডাউনৰ সময়ত অন্যান্য ক্ষুদ্ৰ অপৰাধৰ গোচৰ বাতিল কৰাৰ এক ৰাজহুৱা স্বাৰ্থ জনিত আবেদন দাখিল উচ্চতম ন্যায়ালয়ত ।

PIL moves to SC seeking quashing of FIRs during lockdown
PIL moves to SC seeking quashing of FIRs during lockdown

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃবৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয় এক ৰাজহুৱা স্বাৰ্থ জনিত আবেদন। আবেদনত লক ডাউনৰ সময়ত ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা অধীনত গোচৰ ৰুজু আৰু লক ডাউনৰ সময়ত অন্যান্য ক্ষুদ্ৰ অপৰাধৰ গোচৰ বাতিল কৰাৰ কথা উল্লেখ কৰা হৈছে ।

এই আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰে চেন্টাৰ ফৰ একাউণ্টেব্লিটি এণ্ড চেষ্টেমেটিক চেঞ্জৰ অধ্যক্ষ ড০ বিক্ৰম সিঙে । এই আবেদনত দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ অধীনত ৰাজ্য় আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্দেশ দিয়া হৈছিল যে, লক ডাউনৰ সময়ত ভাৰতীয় দণ্ডবিধি আইন আৰু অন্যান্য ক্ষুদ্ৰ অপৰাধৰ বাবে ধাৰা ১৮৮ ৰ অধীনত গোচৰ ৰুজু কৰাৰ পৰা বিৰত থকাৰ কথা ।

এই আবেদনৰ জৰিয়তে ৰাজ্য়সমূহৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক আইপিচি ধাৰা 144 আৰু অন্যান্য সৰু অপৰাধৰ বাবে গোচৰ ৰুজু কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ জাৰি কৰিবলৈ দাবী কৰা হৈছে ।

সমগ্ৰ দেশতে লক্ ডাউন উলংঘাৰ নামত ওড়িশাত ১৬০৫ টা,উত্তৰাখণ্ড ১৫০০ টা,তামিলনাডু ৩০০০ টা,কেৰালাত ৭০৯১ টা গোচৰ ৰুজু কৰা হৈছে । আনহাতে মুম্বাইত প্ৰায় ৩,৬৩৪ টা গোচৰ ৰুজু হৈছে। বৰ্তমানে লক ডাউনৰ সময় সীমা ৩ মে' লৈ বৃদ্ধি কৰা হৈছে ।

ABOUT THE AUTHOR

...view details