নিউজ ডেস্ক, 14 এপ্ৰিলঃকেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰামবিলাস পাছোৱানে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্য, ৰাজহুৱা যোগান মন্ত্ৰীৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে ৷ ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোভিড-19ৰ লকডাউনৰ সময়ত ৰাজ্যিক পৰ্যায়ত এক ''micro-level plan''ৰ সৈতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত উচিত মূল্য বৰ্তাই ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ দ্বাৰা ৰাজ্যসমূহক এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দিয়া হৈছে ৷
ৰাজহুৱা বিতৰণ প্ৰণালীৰ অধীনত আগন্তুক তিনিমাহলৈ ৰেচন পাব ৰাইজে - প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যান অন্ন যোজনা
দেশৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰামবিলাস পাছোৱানে সোমবাৰে নিজৰ কাৰ্যালয়ত যোগদান কৰে ৷ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনলৈ অহা ব্যক্তিসকলে আগন্তুক তিনি মাহৰ বাবে সম্পূৰ্ণ ৰেচন লাভ কৰিব বুলি মন্তব্য কৰে ৷
ৰবি শস্যৰ সময়ছোৱাত 15 এপ্ৰিলৰ পৰা 2020-21 বৰ্ষৰ বাবে ঘেহু সংগ্ৰহৰ কাম কৰিবলৈ সকলো ব্যৱস্থা ঠিক-ঠাক কৰি ল’বলৈ ৰাজ্যসমূহক নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জাৰী কৰা সামাজিক দুৰত্বৰ নিয়মসমূহ স্পষ্টভাৱে পালন কৰিবলৈ কয় ৰামবিলাস পাছোৱানে ৷ শ্ৰমিকৰ সংখ্যা হ্ৰাস নহ’বলৈ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত কৰ্মৰত সকলো কৰ্মীৰ বাবে নিৰ্ধাৰিত সূচী তৈয়াৰ কৰি ল’বলৈ আহ্বান জনাইছে ৷
প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্ধাৰিত পৰিমানৰ খাদ্যসামগ্ৰী মজুত ৰাখিবলৈ কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ পৰৱৰ্তী তিনি মাহৰ বাবে এই আঁচনিৰ অধীনত প্ৰত্যকগৰাকী ব্যক্তিকে খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷