নিউজ ডেস্ক, 9 এপ্ৰিলঃনিয়ন্ত্ৰণৰেখাৰ সীপাৰৰ পৰা পাকিস্তানৰ মৰ্টাৰ আক্ৰমণ অব্যাহত আছে ৷ বিগত চাৰিদিন ধৰি পাকিস্তানে ভাৰতীয় সেনাক লক্ষ্য কৰি অব্যাহত ৰাখিছে মৰ্টাৰ আক্ৰমণ ৷ ইতিমধ্যে পাকিস্তানৰ আক্ৰমণৰ সুবিধা লৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছে পাকিস্তান সমৰ্থিত বহুকেইটা সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ৷ সন্ত্ৰাসবাদীৰ লগতে পাকিস্তানী সেনাৰ অবিবেচক আক্ৰমণৰ ফলত ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈ পৰিছে ৷ জম্মু-কাশ্মীৰৰ কেৰান, ৰাজৌৰিকে ধৰি বহুকেইটা ছেক্টৰক লক্ষ্য কৰি লৈ পাকিস্তানী সেনাই অব্যাহত ৰাখিছে আক্ৰমণ ৷
পাকিস্তানী সেনাই ছায়া যুদ্ধনীতিৰ সুবিধা লৈ এইদৰে ভাৰতৰ ভূমিত সন্ত্ৰাসবাদীৰ দল প্ৰেৰণ কৰি আহিছে ৷ ইতিমধ্যে ভাৰতীয় সেনাৰ হাতত বিগত চাৰিদিনত 10গৰাকীৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে যদিও একেদিনাই ভাৰতে হেৰুৱাবলগীয়া হয় পাঁচজনকৈ পেৰা কামাণ্ডো ৷ সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত পাঁচজনকৈ সন্ত্ৰাসবাদীক নিহত হোৱাৰ লগতে নিজৰো প্ৰাণ ত্যাগ কৰে ভাৰতীয় সেনাৰ 4ৰ্থ পেৰা ৰেজিমেন্টৰ পাঁচজনকৈ কামাণ্ডোৱে ৷