নিউজ ডেস্ক, ৩০ জুনঃ "প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিমহ ৰাও কোনো ধৰণৰ আৰ্থিক বা সামাজিক উদৰাতাবাদী নাছিল । তেখেতে ছদ্মবেশী ভাৰতীয় ৰাজনীতিৰ সকলতকৈ বেয়াকৈ কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী বিষয়ে এনেদৰে মন্তব্য কৰে এআইএমআইএম নেতা আছাদুদ্দিন ওৱেইছীয়ে । আছাদুদ্দিন ওৱেইছীৰ এই বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও ওৱেইছীৰ এয়া সম্পূৰ্ণ নিজাববীয়া মন্তব্য আছিল বুলি সোমবাৰে মত প্ৰকাশ কৰে কংগ্ৰেছ নেতা মেৰী শশিদ্বীপ ৰেড্ডীয়ে ।
কংগ্ৰেছ নেতা মেৰী শশিদ্বীপ ৰেড্ডী টুইটযোগে কয় যে, মই ওৱেইছীৰ টুইট প্ৰত্যক্ষ কৰিছো । তেখেতে কয় যে পি ভি নৰসিমহ ৰাও কোনো ধৰণৰ আৰ্থিক বা সামাজিক উদৰাতাবাদী নাছিল । তেখেতে নিজৰ মন্তব্য ৰাখিবলৈ সম্পূৰ্ণৰূপে স্বাধীন । কিন্তু এটা কথা আছে যিটো সকলোৱে স্বীকাৰ কৰে তেও আৰ্থিক অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল । তেওঁ প্ৰধানমন্ত্ৰী থকা অৱস্থাত এই কাৰ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দ্বাৰাই কৰিছিল । যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী মনহোহন সিঙ পি ভি নৰসিমহ ৰাওৰ মন্ত্ৰীমণ্ডলত অন্তৰ্ভুক্ত হ'বলৈ নিমন্ত্ৰণ কৰা হৈছিল তেতিয়া তেখেতক কোৱা হৈছিল তেখেতে চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ।"