নিউজ ডেস্ক, 18 জানুৱাৰীঃদিল্লীৰ 3 খন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু ৰাজস্থানৰ উদয়পুৰৰ এখন কেন্দ্ৰই 26 জানুৱাৰীত ৰাজধানীত গণতন্ত্ৰ দিৱসৰ সাংস্কৃতিক অনুস্থানত ভাগ ল'ব ৷ শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু দিল্লী চৰকাৰে এই অনুষ্ঠানৰ বাবে ৰাজধানীৰ বিভিন্ন স্কুলৰ পৰা 636 গৰাকী শিক্ষাৰ্থী (494 গৰাকী ছাত্ৰী আৰু 162 চা ছাত্ৰ) নিৰ্বাচিত কৰিছে ৷
দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ সাজু 636 গৰাকী শিক্ষাৰ্থী - ৰক্ষা মন্ত্ৰণালয় আৰু দিল্লী চৰকাৰ
শুকুৰবাৰে ৰক্ষা মন্ত্ৰণালয় আৰু দিল্লী চৰকাৰে সমগ্ৰ ৰাজধানীৰ বিদ্যালয়ৰ পৰা 636 গৰাকী শিক্ষাৰ্থীক গণতন্ত্ৰ দিৱসৰ সাংস্কৃতিক অনুস্থানত ভাগ ল'বলৈ নিৰ্বাচন কৰিছে ৷
জানিব পৰা মতে এই শিক্ষাৰ্থী সমূহ ডিএভি চেণ্টেনেৰী পাব্লিক স্কুল, মডেল স্কুল, বেংগলী ছিনিয়ৰ চেকেণ্ডেৰি স্কুল, চৰোজিনি নগৰ আৰু জনকপুৰিৰ সৰ্বোদয়া কন্যা বিদ্যালয়ৰ লগতে উদয়পুৰৰ পশ্চিম ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰৰ পৰা নিৰ্বাচন কৰা হৈছে ৷ উল্লেখ্য যে, "যোগ-বিশ্ব শক্তি কি অ'ৰ" ডিএভি চেণ্টেনেৰী পাব্লিক স্কুলৰ বিষয়বস্তু ৷ ইপিনে বেংগলী ছিনিয়ৰ চেকেন্দেৰি স্কুলে ঐতিহাসিক বেংগল অঞ্চলৰ ৰহস্যময় সুৰকাৰৰ এটি দল তৈয়াৰ কৰিছে ৷ আনহাতে জনকপুৰিস্থিত সৰ্বোদয়া কন্যা বিদ্যালয়ে "মাৰ' ৰং ৰংগীলো ৰাজস্থান" বিষয়বস্তু হিচাপে লৈছে ৷ উদয়পুৰৰ পশ্চিম ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰই 'গৰ্বা'-গুজৰাটৰ লোক নৃত্য প্ৰদৰ্শন কৰিব ৷ বিবৃতি অনুসৰি যুৱ প্ৰতিযোগী সকলে এই কাৰ্যসূচীত অংশলৈ যথেষ্ট সুখী বুলি প্ৰকাশ কৰিছে ৷ তেওঁলোকে কয় যে, তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গণ্যমান্য ব্যক্তি সকলৰ বাবে নিজৰ প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰি গৰ্ব অনুভৱ কৰে ৷
লগতে পঢ়ক - বৰ্তমান মানুহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছেঃ কনকসেন ডেকা