অসম

assam

ETV Bharat / bharat

বিগত ৩দিনত ৫০ হাজাৰ লোক নিজ ৰাজ্যত উপস্থিত হৈছে : যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশ চৰকাৰে বিগত ৩ দিনত প্ৰায় ৫০ হাজাৰ লোকক আদৰিছে । বহিঃৰাজ্যত থকা এইসকল লোকৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে থকা, খোৱা, স্বাস্থ্যপৰীক্ষাকে ধৰি সকলো ব্যৱস্থা প্ৰদান কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

বিগত ৩দিনত ৫০ হাজাৰ লোক নিজ ৰাজ্যত উপস্থিত হৈছে  : যোগী আদিত্যনাথ
বিগত ৩দিনত ৫০ হাজাৰ লোক নিজ ৰাজ্যত উপস্থিত হৈছে : যোগী আদিত্যনাথ

By

Published : May 5, 2020, 4:27 PM IST

নিউজ ডেস্ক, ৫ মে' : দেশত চলি থকা লকডাউনৰ সময়তে উত্তৰ প্ৰদেশত উপস্থিত হয় বিভিন্নজনৰ লগতে প্ৰায় ৫০ হাজাৰ শ্ৰমিক । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিচতে ৰেল মন্ত্ৰালয়ে শ্ৰমিক স্পেছিয়েল ৰেলৰ সহযোগ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক, শিক্ষাৰ্থী, তীৰ্থযাত্ৰী তথা পৰ্যটকসকলক নিজ নিজ ৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰে । উত্তৰ প্ৰদেশ চৰকাৰেও বিগত তিনিদিনত ৰাজ্যখনলৈ প্ৰায় ৫০ হাজাৰ এনেকুৱা লোক উভটি অহাৰ কথা প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰে এই কথা প্ৰকাশ কৰিছে ।

আনহাতে ৰাজ্যখনলৈ ঘুৰি অহা এইসকল লোকৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা কৰিছে । মুখ্যমন্ত্ৰী আদিত্যনাথে জনোৱা অনুসৰি, স্বাস্থ্যপৰীক্ষাকে ধৰি খাদ্য আৰু থকা-খোৱাৰ সকলো ব্যৱস্থা কৰা হৈছে এইসকল লোকৰ বাবে ।

প্ৰথম অৱস্থাত ২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ উত্তৰ প্ৰদেশ চৰকাৰে ঘুৰাই আনিছিল ৬.৫ লাখ লোকক । পৰৱৰ্তী সময়ত এতিয়ালৈকে প্ৰায় ৫০ হাজাৰ লোকক নিজ ৰাজ্যলৈ সুকলমে ঘুৰাই আনিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ চৰকাৰে ।

লগতে পঢ়কঃ104 তম পুলিৎজাৰ বঁটা ঘোষণাঃ তিনিজন ভাৰতীয়লৈ সন্মান

ABOUT THE AUTHOR

...view details