অসম

assam

বিশেষ ট্ৰেইনৰ বাবে নাগৰিকৰ 16 কোটি টকাৰ বুকিংঃ ৰেলৱে'

প্ৰায় 45,000 বিশেষ ট্ৰেইনৰ টিকেট বুকিং সম্পূৰ্ণ হৈছে ৷ 7 দিনৰ বাবে বুকিঙত সংগ্ৰহ 16 কোটি টকা ৷ 45,000 বুকিঙেৰে ভ্ৰমণ কৰিব 82,317 গৰাকী যাত্ৰীয়ে ৷

By

Published : May 12, 2020, 4:26 PM IST

Published : May 12, 2020, 4:26 PM IST

প্ৰায় 45,000 বিশেষ ট্ৰেইনৰ টিকেট বুকিং সম্পূৰ্ণ
বিশেষ ট্ৰেইনৰ বাবে নাগৰিকৰ 16 কোটি টকাৰ বুকিং : ৰেলৱে'

নেশ্যনেল ডেস্ক, 12 মে' : প্ৰায় 45,000 বিশেষ ট্ৰেইনৰ টিকেট বুকিং সম্পূৰ্ণ হৈছে বুলি মঙলবাৰে মন্তব্য আগবঢ়াইছে ভাৰতীয় ৰেলৱে'ই ৷ নতুন দিল্লীৰ পৰা মধ্য প্ৰদেশৰ বিলাসপুৰলৈ প্ৰথমখন বিশেষ বিমান চলাচল হোৱাটো নিশ্চিত হোৱাৰ কিছু ঘন্টা সময়ৰ ভিতৰতে প্ৰায় 16 কোটি টকাৰ বুকিং সম্পন্ন হোৱা বুলি মন্তব্য কৰে ৰেলৱে' বিভাগে ৷ সোমবাৰে সন্ধিয়া 6 বজাত এই ট্ৰেইনৰ বুকিং আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷

বৰ্তমানলৈকে অহা সাত দিনৰ বাবে 16.15 কোটি টকাৰ 45,533 টা বুকিং সম্পন্ন হৈছে ৷ এই বুকিঙৰ জৰিয়তে 82,317 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব ৷ উল্লেখ্য যে, মঙলবাৰৰ পৰা 15 খন বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰিছিল ৰেলৱে' বিভাগে ৷ স্বাস্থ্য পৰীক্ষণৰ বাবে ট্ৰেইন প্ৰস্থান কৰাৰ 90 মিনিট পূৰ্বে ষ্টেছনত উপস্থিত হ'বলৈ যাত্ৰীসকলক আহ্বান জনোৱাৰ লগতে খাদ্য সামগ্ৰী কঢ়িয়াই নিবলৈ অনুৰোধ জনোৱা হৈছিল ৷

মঙলবাৰে ভাৰতীয় ৰেলৱেই মন্তব্য কৰিছিল যে, যাত্ৰীসকলে 'আৰোগ্য সেঁতু' মোবাইল এপ নিজৰ ফোনত ইনষ্টল কৰি ৰখাটো অনিবাৰ্য ৷ মঙলবাৰে ৰেলৱেই 8 খনকৈ ট্ৰেইনৰ চলাচল কৰিব - দিল্লীৰ পৰা ডিব্ৰুগড়, বাংগালুৰু আৰু বিলাসপুৰলৈ তিনিখন, হাওৰা, ৰাজেন্দ্ৰ নগৰ (পাটনা), বাংগালুৰু, মুম্বাই চেন্ট্ৰেল আৰু আহমেদাবাদৰ পৰা এখনকৈ দিল্লীত উপস্থিত হ'ব ৷

এই বিশেষ ট্ৰেইনসমূহত কেৱল এয়াৰ কণ্ডিছন দবা থাকিব বুলি প্ৰকাশ ৷ লকডাউনৰ মাজতে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বাবে ই-টিকেট থকা যাত্ৰীসকলেহে ট্ৰেইনত ভ্ৰমণ কৰিব পাৰিব ৷ এই ট্ৰেইনসমূহৰ ভাড়া ৰাজধানী ট্ৰেইনৰ সমান আৰু যাত্ৰীসকলে 7 দিনৰ পূৰ্বে টিকেট বুকিং কৰিব পাৰিব ৷

ABOUT THE AUTHOR

...view details