অসম

assam

প্ৰতিৱেশী ৰাষ্ট্ৰৰ 100 ৰো অধিক বিশেষজ্ঞক ভাৰতৰ ক'ভিড প্ৰতিষেধকৰ পৰীক্ষণৰ বাবে প্ৰশিক্ষণ

ভাৰতৰ ক'ভিড-19 প্ৰতিষেধকৰ পৰীক্ষণৰ বাবে বায়'টেকন'লজী বিভাগ আৰু বৈদেশিক মন্ত্ৰালয়ৰ বিশেষ পদক্ষেপ ৷ প্ৰতিৱেশী মিত্ৰ ৰাষ্ট্ৰৰ 100 ৰো অধিক বিশেষজ্ঞক তেওঁলোকৰ ৰাষ্ট্ৰত প্ৰতিষেধকৰ পৰীক্ষণৰ বাবে প্ৰশিক্ষণ প্ৰদান ৷ ক'ৰণা প্ৰতিষেধক প্ৰস্তুতি প্ৰক্ৰিয়াত 30 ত কৈও অধিক দল প্ৰত্যক্ষভাৱে জড়িত ৷ ভাৰতত ক'ভিড প্ৰতিষেধকৰ নিদানিক পৰীক্ষণৰ ভিন্ন স্তৰত মুঠ 6 টা প্ৰতিষেধক ৷

By

Published : Dec 17, 2020, 2:30 PM IST

Published : Dec 17, 2020, 2:30 PM IST

Indian COVID vaccine clinical trials
প্ৰতিৱেশী ৰাষ্ট্ৰৰ 100 ৰো অধিক বিশেষজ্ঞক ভাৰতৰ ক'ভিড প্ৰতিষেধকৰ পৰীক্ষণৰ বাবে প্ৰশিক্ষণ

নেচনেল ডেস্ক, 17 ডিচেম্বৰ:ভাৰতৰ ক'ভিড-19 প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ নিজ নিজ দেশৰ সামৰ্থ অধিক শক্তিশালী কৰিবৰ বাবে প্ৰতিবেশী ৰাষ্ট্ৰৰ প্ৰায় 100 ৰো অধিক বিশেষজ্ঞক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ জৈৱ প্ৰযুক্তি বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই বুধবাৰে এই কথা সদৰী কৰে

কনফেডাৰেচন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী-ৰ দ্বাৰা আয়োজিত এখনি ৱেবিনাৰ সম্বোধন কৰি জৈৱ প্ৰযুক্তি বিভাগৰ অলকা শর্মাই কয় যে, বৈদেশিক মন্ত্ৰালয়ৰ সহযোগত পিএচিটি (পাৰ্ৰ্টনাৰশ্বিপ ফৰ এডভান্সিঙ ক্লিনিকেল ট্ৰায়েলছ ) ৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে ৷

তেওঁ কয় যে প্ৰতিৱেশী মিত্ৰ ৰাষ্ট্ৰসমূহত ক'ভিড-19 ৰ নিদানিক পৰীক্ষণ সুবিধাৰ্থে ৰাষ্ট্ৰসমূহৰ সামৰ্থ বৃদ্ধি কৰাৰ বাবে বায়'টেকন'লজী বিভাগ আৰু বৈদেশিক মন্ত্ৰালয়ে মিলি পিএচিটিৰ পদক্ষেপ আগবঢ়াই নিছে ৷

এই পদক্ষেপৰ অংশ হিচাপে দুটা প্ৰশিক্ষণ মডিউল সফলভাৱে সম্পূৰ্ণ কৰা হৈছে ৷ শৰ্মাই জানিবলৈ দিয়ে যে আফগানিস্তান, ভূটান , মৰিচাচ , নেপাল , শ্ৰীলংকা আদি বিভিন্ন দেশৰ 100 ৰো অধিক অংশগ্ৰহণকাৰীয়ে এই প্ৰশিক্ষণত ভাগ লয় ৷ দ্বিতীয় লানি প্ৰশিক্ষণৰ বাবে আৰু অধিক অংশগ্ৰহণকাৰী লাভ কৰাটো এক মুখ্য লক্ষ্য বুলিও শৰ্মাই প্ৰকাশ কৰে ৷

তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান ক'ৰণা প্ৰতিষেধক প্ৰস্তুতি প্ৰক্ৰিয়াত 30 ত কৈও অধিক দল প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আৰু ভাৰতত মুঠ 6 টা প্ৰতিষেধক এতিয়া নিদানিক পৰীক্ষণৰ ভিন্ন স্তৰত আছে আৰু ইয়াৰে চাৰিটা সম্পূৰ্ণ দেশীয়ভাৱে প্ৰস্তুত কৰি তোলা হৈছে ৷

শৰ্মাই কয় ভাৰত বায়'টেকৰ ক'ভিড প্ৰতিষেধকৰ নিদানিক পৰীক্ষণ তৃতীয় পৰ্যায়ত আছে আৰু জিডাছ কাডিলাৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধক নিদানিক পৰীক্ষণৰ দ্বিতীয় পৰ্যায়ত আছে ৷ ঠিক একেদৰে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই 'অক্সফৰ্ড-এষ্ট্ৰাজেনেচা' প্ৰতিষেধকৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলাই থকাৰ পৰিৱৰ্তে ড৹ ৰেড্ডী লেবৰেটৰীয়ে ৰাছিয়ান প্ৰতিষেধক 'ষ্পুট'নিক ভি' ৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলাই আছে ৷

লগতে পঢ়ক:জ' বাইদেনক ৰাজহুৱাভাৱে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক

ABOUT THE AUTHOR

...view details